নগাঁওঃ পশ্চিম এছিয়াত উদ্ভৱ হোৱা যুদ্ধৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিজনিত পৰিস্থিতিৰ সম্পৰ্কত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৰাইজক অযথা আতংকিত নহ’বলৈ আহ্বান জনাইছে (LPG Cylinder Shortage)।
বুধবাৰে তেওঁ এটা ভিডিঅ’বাৰ্তা যোগে কয় যে, এতিয়ালৈকে ঘৰুৱাভাবে ব্যৱহৃত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কোনো নাটনি নগাঁও জিলাত হোৱা নাই। অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত চাহিদা অনুপাতে যোগান পৰ্যাপ্ত হোৱা নাই বুলি উল্লেখ কৰি তাৰ বাবে দুখ প্ৰকাশ কৰে যদিও তাকে লৈ খুব বেছি চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি তেওঁ জানিবলৈ দিয়ে।
ভৱিষ্যতে নাটনি হোৱাৰ আশঙ্কাত কোনেও যাতে অধিক পৰিমাণৰ চিলিণ্ডাৰ সংৰক্ষণৰ চেষ্টা নকৰে তেওঁ তাৰ প্ৰতি সৰ্বসাধাৰণৰ ৰাইজ তথা হোটেল-ৰেষ্টুঁৰাৰ গৰাকীসকললৈ আহ্বান জনাইছে। তেনে কৰিলে জিলা প্ৰশাসনে ব্যৱস্থা ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দি তেওঁ কয় যে, এই সময়ত ‘আমি হোটেল -ৰেষ্টুৰেন্টৰ ব্যৱসায়ীসকলৰ লগত আছো আৰু তেওঁলোক যাতে বিশেষ সমস্যাত পৰিব নালাগে তাৰ বাবে চৰকাৰ তথা প্ৰশাসনে তৎপৰতাৰে নিজৰ প্ৰয়াস অব্যাহত ৰাখিছে।
তেওঁ ৰাইজকো ভীতিগ্ৰস্ত হৈ অধিক চিলিণ্ডাৰ সংগ্ৰহ নকৰিবলৈ আহ্বান জনাই কৈছে যে, তেনে কৰিলে কৃত্ৰিম নাটনিৰ সৃষ্টি হোৱাৰ আশঙ্কা থাকে আৰু তেনে কৰিলে অধিক আৱশ্যক থকাসকল বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে। ঘৰুৱাভাবে ব্যৱহৃত ৰন্ধন গেছৰ কোৱা অভাব হোৱা নাই পুনৰবাৰ তেওঁ স্পষ্ট কৰি দি জিলা আয়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত কোনোৱে কিবা সমস্যাৰ সন্মুখীন হ’লে জিলা প্ৰশাসনৰ ওচৰ চাপিব পাৰিব বুলি উল্লেখ কৰে।
নগাঁও জিলাত ঘৰুৱা চিলিণ্ডাৰৰ বাণিজ্যিক ব্যৱহাৰ নিষিদ্ধ
ইপিনে আন এক নিৰ্দেশ যোগেদি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সমগ্ৰ জিলাখনতে ঘৰুৱা চিলিণ্ডাৰৰ বাণিজ্যিক ব্যৱহাৰ নিষিদ্ধ কৰিছে।
এই নিৰ্দেশ অনুসৰি হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আৰু পথৰ দাঁতিৰ খাদ্য বিক্ৰেতা আদি যিকোনো খাদ্য ব্যৱসায়ীয়ে কোনো কাৰণতে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু তেওঁলোকে কেৱল অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ পৰা সংগ্ৰহ কৰা বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব।
যদি কোনোৱে এই নিয়ম উলংঘা কৰে তেন্তে চিলিণ্ডাৰ জব্দ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইয়াৰ উপৰি গেছ ডিষ্ট্ৰিবিউটৰসকলক সতৰ্ক কৰি দিয়া হৈছে যাতে তেওঁলোকে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰুৱা চিলিণ্ডাৰ যোগান নধৰে আৰু তেনে কোনো আশুৱাহৰ তথ্য পালে তৎকালিনভাৱে কৰ্তৃপক্ষক অৱগত কৰে।
এই সমগ্ৰ নিৰ্দেশনাটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক কঠোৰ নিৰ্দেশ দিয়া হৈছে।
লগতে পঢ়কঃ মেঘালয়ৰ গাৰো হিলছত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ গুলীত দুজন নিহত

