Cyber Criminals Exploit LPG Cylinder Shortage Scam to Target ConsumersLPG Cylinder Shortage Scam: ৰন্ধন গেছৰ নাটনিক কেন্দ্ৰ কৰি সক্ৰিয়হৈ পৰিছে চাইবাৰ অপৰাধী

নিউজ ডেস্কঃ “বিশেষ কোটাত দুটা দিনৰ ভিতৰতে ৰন্ধন গেছ লাভ কৰিব “- এনেধৰণৰ ম’বাইল বাৰ্তা বা কোনো লিংক যদি আপোনালৈ আহিছে তেন্তে সাৱধান। এইয়া কোনো চাইবাৰ অপৰাধীৰ কাম হব পাৰে (LPG Cylinder Shortage Scam)। এনে বাৰ্তা বা লিংক আহিলে অবজ্ঞা কৰক ।

উল্লেখযোগ্য যে, পশ্চিম এছিয়াৰ যুদ্ধক কেন্দ্ৰ কৰি দেশৰ বিভিন্ন ৰাজ্যত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে। বিশেষকৈ কলিকতা, মুম্বাই, দিল্লী, চেন্নাই আদি মেট্ৰোপলিটান চহৰত বাণিজ্যিক চিলিণ্ডাৰৰ নাটনি হৈছে। ফলত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰেষ্টুৰেণ্ট,হোটেল আদি ক্ষেত্ৰত কৰ্মৰত লোক সকল।

অসমত বৰ্তমানলৈকে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়া নাই। দুই এক স্থানত সামান্য পৰিমাণে বাণিজ্যিক চিলিণ্ডাৰৰ নাটনি হৈছে। অসম চৰকাৰে বিশেষকৈ কালি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৰন্ধন গেছৰ নাটনিক লৈ আতংকিত নহ’বলৈ সকলোকে আহ্বান জনাইছে। জিলা আয়ুক্ত জনে অৱশ্যে ব্যৱসায়ীক প্ৰতিষ্ঠানত বাণিজ্যিক চিলিণ্ডাৰৰ ঠাইত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নকৰিবলৈ আৰু ৰন্ধন গেছৰ নাটনি হব বুলি অধিক চিলিণ্ডাৰ ক্ৰয় কৰি নাৰাখিবলৈও আহ্বান জনাইছে।

ইয়াৰ মাজতে পশ্চিম বংগকে ধৰি বহু কেইখন ৰাজ্যত ৰন্ধন গেছৰ নাটনিক কেন্দ্ৰ কৰি চাইবাৰ অপৰাধী সক্ৰিয়হৈ পৰিছে। চুবুৰীয়া ৰাজ্যখনৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পশ্চিম বংগৰ বহু লোকে ম’বাইলৰ জৰিয়তে ৰন্ধন গেছ বুকিং কৰিব নোৱাৰাৰ সুযোগ গ্ৰহণ কৰিছে চাইবাৰ অপৰাধীয়ে আৰু ‘বিশেষ কোটা’ত দুদিনৰ ভিতৰত গেছ লাভ কৰিব বুলি গ্ৰাহকলৈ লিংক পঠিয়াইছে চাইবাৰ অপৰাধীয়ে। কলিকতাত এনে বহু কেইটা ঘটনা সংঘটিত হৈছে।

সেয়ে কলিকতা আৰক্ষী সক্ৰিয়হৈ পৰিছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে। কলিকতাৰ লালবজাৰ আৰক্ষীৰ চাইবাৰ অপৰাধ অনুসন্ধান শাখাই অন্য শাখা সমূহকো সাৱধান কৰি দিছে।

জানিব পৰা মতে চাইবাৰ অপৰাধী সকলে আন এটা কৌশলৰেও জালিয়াতি কৰিছে। এই কৌশল অনুযায়ী চাইবাৰ অপৰাধী সকলে সাধাৰণ মানুহক ফোন কৰি নিজকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বুলি পৰিচয় দিয়ে। তেওঁলোকে গ্ৰাহক সকলক ২৫ দিনৰ ভিতৰত গেছ বুকিং কৰাৰ তথ্য আছে বুলি কৈ ই অপৰাধ বুলি ভাবুকি দিয়ে।

এই পৰিস্থিতিত গ্ৰাহকজনক এখন ফৰ্ম পূৰণ কৰিবলৈ কোৱা হয় আৰু হোৱাটছএপত এটা লিংক পঠিওৱা হয়। সেই লিংকত ক্লিক কৰিলে সংশ্লিষ্ট ব্যক্তিৰ মোবাইল ফোনৰ নিয়ন্ত্ৰণ চাইবাৰ অপৰাধী সকলৰ হাতত পৰে।

কলিকতা আৰক্ষীয়ে সেয়ে এইক্ষেত্ৰত পৰামৰ্শ দিছে যে যদি এনে ধৰণৰ ফোন কল আহে, তেন্তে তাক সম্পূৰ্ণভাৱে অৱহেলা কৰিব লাগে আৰু কোনো ধৰণৰ লিংকত ক্লিক নকৰিব লাগে। ইপিনে হায়দৰাবাদ আৰক্ষীয়েও সামাজিক মাধ্যমৰ জৰিয়তে এনে চাইবাৰ অপৰাধীৰ পৰা সতৰ্ক থাকিবলৈ আহ্বান জনাই সামাজিক মাধ্যমত পোষ্ট দিছে।

পশ্চিম বংগ চৰকাৰে এই সমগ্ৰ ঘটনা সমূহৰ আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। এই পৰিস্থিতিত ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে যে গৃহস্থালীৰ ৰান্ধনীঘৰৰ লগতে বিদ্যালয় আৰু চিকিৎসালয়সমূহত গেছ যোগানত কোনো ধৰণৰ অসুবিধা নহয়।

লগতে পঢ়কঃ নগাঁৱত নাটনি হোৱা নাই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ


Advertisement