LPG Gas Complaint Nagaon: District Administration Launches Toll-Free Number 1077 for Gas Supply Issuesৰন্ধন গেছৰ সমস্যা: নগাঁও প্ৰশাসনে ফোনযোগে ল'ব গ্ৰাহকৰ অভিযোগ

নগাঁও: মধ্যপ্ৰাচ্যৰ সংঘাতৰ বাবে উদ্ভৱ হোৱা যুদ্ধৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো গেছ ছিলিণ্ডাৰৰ নাটনি হোৱাৰ আশংকা কৰিছে বিভিন্নজনে (LPG Gas Complaint Nagaon)। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰৰ যোগান ব্যৱস্থাৰ তীক্ষ্ণ নিৰীক্ষণৰ বাবে নগাঁও জিলা প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰিছে। প্ৰচলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰাধিকাৰ খণ্ডলৈ এল পি জিৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ বিষয়টোৰ সৈতে জড়িত যিকোনো অভিযোগ ফোন যোগে দাখিল কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা টোল ফ্ৰী নম্বৰ প্ৰকাশ কৰিছে।

১০৭৭ নং এই ফোন নম্বৰটোত নগাঁও জিলাৰ ৰাইজে এল পি জি যোগান সম্পৰ্কীয় কোনো স্পষ্ট অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ ক্ৰমে ইতিমধ্যে জিলা প্ৰশাসনে ৰন্ধন গেছৰ অবৈধ ব্যৱহাৰ আৰু মজুতকৰণৰ বিৰুদ্ধেও অভিযান চলাই আছে।

উল্লেখযোগ্য যে, ব্যৱসায়িক প্ৰতিষ্ঠানত ৰন্ধন গেছৰ ব্যৱহাৰ, অতিৰিক্ত গেছ ছিলিণ্ডাৰ মজুত ৰখা আদি দিশ তীক্ষ্ন নজৰত ৰাখিছে নগাঁও জিলা প্ৰশাসনে। এই ক্ষেত্ৰত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ইতিমধেই সকলো পক্ষলৈ এক আহ্বানো জনাইছিল।

শেহতীয়াকৈ গেছ যোগান সন্দৰ্ভত অভিযোগ গ্ৰহণৰ বাবে নগাঁও জিলা প্ৰশাসনে টল ফ্ৰী নম্বৰ মুকলি কৰাত জিলা প্ৰশাসনৰ শলাগ লৈছে বিভিন্নজনে।

লগতে পঢ়কঃ নগাঁও জিলাৰ ভোটিং মেচিনৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন


Advertisement