নগাঁওঃ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ শিৱ মন্দিৰ হিচাপে পৰিচিত নগাঁৱৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ আজিৰে পৰা অহা ৩১ জানুৱাৰীলৈকে ভক্তৰ বাবে বন্ধ থাকিব (Mahamrityunjay Temple Nagaon)। মন্দিৰৰ পুনৰ নিৰ্মাণ তথা আন্তঃগাথনি উন্নয়নৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টে।
ট্ৰাষ্টৰ ফালৰ পৰা জনোৱা মতে, মন্দিৰ চৌহদ আৰু মূল মন্দিৰভাগৰ কেইবাটাও অংশত কিছু নিৰ্মাণৰ কাম চলিব (Mahamrityunjay Mandir Assam)। যাৰ বাবে ভক্ত আৰু সাধাৰণ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত অস্থায়ীভাৱে মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে মন্দিৰ চৌহদত বন্ধৰ কথা উল্লেখ কৰি বেনাৰো আঁৰি দিয়া হৈছে (Nagaon Shiva Temple)।
ট্ৰাষ্টে জনোৱা অনুসাৰি, সকলো কাম সুকলমে সম্পন্ন হোৱাৰ পাছত ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ ভক্তৰ বাবে খোলা হ’ব মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ । ভক্ত সমাজক এই সময়ছোৱাত সহযোগিতা কৰিবলৈও আহ্বান জনাইছে মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টে (Mahamrityunjay Mandir News)।
মহামৃত্যুঞ্জয় মন্দিৰৰ সংক্ষিপ্ত ইতিহাস
নগাঁও জিলাৰ বঢ়মপুৰৰ ভেৰভেৰিত অৱস্থিত শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু আধ্যাত্মিক তীৰ্থক্ষেত্ৰ। এই মন্দিৰৰ মূল আকৰ্ষণ হৈছে ইয়াত স্থাপন কৰা বিশালাকাৰ শিৱলিংগ, যাক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ বুলি গণ্য কৰা হয় (World Largest Shivling Temple)।
মন্দিৰৰ শিৱলিংগটো প্ৰায় ১২৬ ফুট উচ্চ আৰু প্ৰায় ৮৫ ফুট পৰিধিৰ, যাৰ ভিতৰতেই আছে গৰ্ভগৃহ। এই অনন্য স্থাপত্য আৰু আধ্যাত্মিক ভাবধাৰাই দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্ত, পৰ্যটক আৰু গৱেষকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।
মন্দিৰ নিৰ্মাণৰ মূল উদ্দেশ্য আছিল ভগৱান শিৱৰ মহামৃত্যুঞ্জয় ৰূপৰ উপাসনাৰ জৰিয়তে মানৱ সমাজলৈ শান্তি, সুস্থতা আৰু কল্যাণৰ বাণী প্ৰচাৰ কৰা। বিশেষকৈ মহামৃত্যুঞ্জয় মন্ত্ৰৰ আধ্যাত্মিক তাৎপৰ্য আৰু বিশ্বাসে এই মন্দিৰক এক বিশেষ স্থান প্ৰদান কৰিছে।
প্ৰতিবছৰে শিৱৰাত্ৰি, শাওণ মাহ, লগতে বিভিন্ন ধৰ্মীয় উৎসৱত মহামৃত্যুঞ্জয় মন্দিৰত অগণন ভক্তৰ সমাগম ঘটে। নগাঁও চহৰৰ ধৰ্মীয় পৰিচয় গঢ়ি তোলাতো এই মন্দিৰৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।
ভক্তৰ বাবে আহ্বান
মন্দিৰ প্ৰশাসনে জনাইছে যে, পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত মন্দিৰটো অধিক সুন্দৰ, সুৰক্ষিত আৰু ভক্তসুলভ ৰূপত সকলোৰে বাবে খোলা হ’ব। এই সময়ছোৱাত ভক্ত সমাজক ধৈৰ্য্য আৰু সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টে।
লগতে পঢ়কঃ সৌৰ্য যাত্ৰা সামৰি সোমনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰাৰ্থনা
