Md Nurul Islam: First MLA of Lahorighat and Dhing Constituenciesলাহৰীঘাট আৰু ধিং সমষ্টিৰ প্ৰথমগাৰকী বিধায়কৰ বিষয়ে জানেন?

শৈলেন শইকীয়া

স্বাধীনতাৰ পাছত দুটাকৈ সমষ্টি লাহৰীঘাট আৰু ধিং বিধানসভা সমষ্টিৰ পৰা প্ৰথমজন বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মঃ নুৰুল ইছলাম (Md Nurul Islam Assam MLA)। নগাঁৱৰ এক সম্ভ্রান্ত পৰিয়ালৰ সদস্য মঃ নুৰুল ইছলাম কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে ১৯৫২ চনৰ নিৰ্বাচনত লাহৰিঘাট আৰু ১৯৫৭ চনত ধিং সমষ্টিৰপৰা প্রতিদ্বন্দ্বিতা কৰি একেৰাহে দুবাৰ অসম বিধানসভালৈ নির্বাচিত হৈছিল। ১৮৯৯ চনৰ ২২ নবেম্বৰত নগাঁৱত জন্ম গ্ৰহণ কৰা নুৰুল ইছলামৰ পিতৃ খান বাহাদুৰ নুৰুদ্দিন আহমেদ।

নগাঁৱতে প্রাথমিক শিক্ষা জীৱন আৰম্ভ কৰি তেওঁ ১৯২৪ চনত কটন কলেজৰপৰা স্নাতক ডিগ্ৰী আৰু ১৯২৮ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰে। তাৰ পিছত তেওঁ নগাঁৱত আইনৰ ব্যৱসায় আৰম্ভ কৰে। ছাত্ৰাৱস্থাত ১৯২১ চনত গান্ধীজীৰ আহ্বানত হোৱা অসহযোগ আন্দোলনত অংশ গ্রহণ কৰি পৰবৰ্ত্তী সময়ত দেশৰ স্বাধীনতা আন্দোলনলৈ বৰঙনি আগবঢ়ায়।

পিছলৈ নগাঁও জিলা কংগ্ৰেছৰ এজন সক্রিয় সদস্য হৈ পৰে। নুৰুল ইছলামে জীৱনৰ অধিক সময় সমাজৰ উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰিছিল। নগাঁও চহৰৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, বিশেষকৈ শিক্ষানুষ্ঠানৰ লগত তেওঁ ঘনিষ্ঠভাবে জড়িত আছিল। ১৯৪৪ -ৰপৰা ১৯৫৮ চনলৈকে নগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ তেওঁ সদস্য আছিল। নগাঁও ছোৱালী বিদ্যালয়, নগাঁও কাৰিকৰী বিদ্যালয়, নগাঁও নর্মাল স্কুল, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও পাব্লিক লাইব্রেৰি আদি অনুষ্ঠানৰ পৰিচালনা সমিতিৰ লগত দীর্ঘদিন তেওঁ সদস্য হিচাপে জড়িত আছিল।

তাৰোপৰি ১৯৪৫-৫৫ চনৰ সময়চোৱাত নগাঁও লোকেল ব’ৰ্ডৰ সদস্য, উপ-সভাপতি, নগাঁও বাৰ এছ’চিয়েচনৰ যুটীয়া সম্পাদক, নগাঁও পৌৰসভাৰ সদস্য, নুৰুদ্দিন আহমেদ এম ই মাদ্ৰাছাৰ সভাপতি, ধিং পাব্লিক স্কুলৰ সভাপতি, দলৈগাঁও হাইস্কুলৰ সভাপতি হিচাপেও নুৰুল ইছলামে কার্যনির্বাহ কৰিছিল। প্ৰবল ব্যক্তিসম্পন্ন এইগৰাকী ৰাজনীতিকৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগতে আছিল মধুৰ সম্পৰ্ক। ১৯৭৩ চনৰ ৯ ফেব্ৰুৱাৰীত এই ৰাজনীতিকজনৰ দেহাৱসান ঘটে।

লগতে পঢ়কঃ স্বাধীনতাৰ পূৰ্বৰ পৰাই কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত মতিৰাম বৰাৰ বিষয়ে জানো আহক


Advertisement