মৰিগাঁও : ভূমিকম্পৰ সময়ত সাধৰাণতেই সৃষ্টি হয় এক আতংকময় পৰিৱেশ। ভূমিকম্পৰ ফলত হঠাৎ হ’ব পাৰে দুৰ্যোগ। কিন্তু ভূমিকম্পৰ সময়তো অৱলম্বন কৰিব পাৰে সাৱধানতা। এনে আকস্মিক দুৰ্যোগৰ বাবে জিলাই জিলাই সষ্টম হৈ থাকে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা এছ ডি আৰ এই আৰু এন ডি আৰ আফ (Morigaon Earthquake Mock Drill)।
শুক্ৰবাৰে মৰিগাঁও জিলাত এন ডি আৰ এফে কৰিলে ভূমিকম্পৰ দুৰ্যোগৰ সময়ৰ এক অনুশীলন। শুক্ৰবাৰে মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত এনডি আৰ এফৰ প্ৰথম বেটেলিয়ন, পাটগাঁৱৰ উদ্যোগত আৰু জিলা প্ৰশাসন, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মৰিগাঁও তথা এছ ডিআৰ এফ, মৰিগাঁৱৰ সহযোগত ভূমিকম্পৰ সময়ত দুৰ্যোগ সহাঁৰিৰ এটা অনুশীলন (মক ড্ৰিল) সফলভাৱে অনুষ্ঠিত হয়।
এনডিআৰএফৰ পৰিদৰ্শক ইন্দ্ৰমোহন সিং আৰু উপ-পৰিদৰ্শক কমল ৰানাৰ নেতৃত্বত এই অনুশীলনত এনডিআৰএফৰ ২৫ জনীয়া দলে অংশগ্ৰহণ কৰে। অনুশীলনত ভূমিকম্পসদৃশ এক পৰিস্থিতিৰ সূচনা কৰা হয়, য’ত ভূঁইকপৰ পিছত শ্ৰেণীকোঠাত আৱদ্ধ হৈ পৰা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ আৰু সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ অভিযান চলোৱা হয়।
ইয়াৰ উপৰি, এক অগ্নিকাণ্ডৰ ঘটনাও পৰিৱেশন কৰা হয় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে অংশগ্ৰহণ কৰি জুই নুমুওৱাৰ কার্যপদ্ধতি প্ৰদৰ্শন কৰে। সংকটপূৰ্ণ পৰিস্থিতিত বিভিন্ন চৰকাৰী সংস্থা তথা বিভাগে কেনেকৈ সমন্বয়েৰে কাম কৰিব লাগে এই সম্পৰ্কে অনুশীলনত প্ৰদৰ্শন কৰা হয়।
মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী, অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰঞ্জু শৰ্মাই ঘটনাস্থলীৰ কমাণ্ড পোষ্টৰ পৰা সক্ৰিয়ভাৱে অনুশীলনত অংশগ্ৰহণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰি দুৰ্যোগকালীন ব্যৱস্থাসমূহৰ নিৰ্দেশনা প্ৰদান কৰে।

জাগীৰোড সম-জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, মায়ঙৰ ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, চক্ৰ বিষয়া (স) দীপা তালুকদাৰ, এনডিআৰএফৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী তথা কৰ্মচাৰী, জাগীৰোড কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল এই কাৰ্যসূচীত উপস্থিত থাকে।
দুৰ্যোগৰ সময়ৰ প্ৰস্তুতি অধিক সুদৃঢ় কৰা, সংশ্লিষ্ট সংস্থা তথা চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰা আৰু ভূমিকম্প তথা সংশ্লিষ্ট জৰুৰীকালীন পৰিস্থিতিত কেনেদৰে আগবাঢ়িব লাগে এই বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু অংশীদাৰসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই অনুশীলনৰ ব্যৱস্থা কৰা হয়।
লগতে পঢ়কঃ পবিতৰাৰ নান্দনিক দৃশ্য উপভোগ কৰি অভিভুত বিশ্বৰ কুৰিখনতকৈ অধিক দেশৰ চাৰি কুৰি প্ৰৱাসী অসমীয়া
