Mukhyamantri Atmanirbhar Achoni 2.0: CM Distributes Cheques to Beneficiaries in Nagaonমুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ হিতাধিকাৰীক চেক বিতৰণ

নগাঁওঃ কেইবাটাও কাৰ্যসূচীলৈ অসমলৈ অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও চহৰৰ নেহৰুবালিত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি ২.০ ল হিতাধিকাৰী সকলক চেক বিতৰণ কৰে (Mukhyamantri Atmanirbhar Achoni 2.0)। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নগাঁও জিলাৰ ৪ হাজাৰ ১৯৬ গৰাকী, মৰিগাঁও জিলাৰ ১ হাজাৰ ৯৪৪ গৰাকী আৰু হোজাই জিলাৰ ১ হাজাৰ ৮২৪ গৰাকী যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম ২.০ আঁচনি প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়ে।

ভাষন প্ৰসংগত শমুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়,” অসমত ‘এমপ্লয়াৰ’ বা নিয়োগ সৃষ্টিকাৰীৰ প্ৰয়োজন, ‘এমপ্লয়ী’ বা কৰ্মচাৰীৰ নহয়। যি নিজে কৰ্মচাৰী তেওঁ আনক কৰ্মসংস্থাপন দিব নোৱাৰে। কিন্তু যি নিজে উদ্যোগী বা নিয়োগ সৃষ্টিকাৰী তেওঁ আনকো কৰ্মসংস্থাপন দিব পাৰে।”

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ লক্ষ্য কেৱল চেক বিতৰণ নহয় বুলি মন্তব্য কৰি কয়, “এই আঁচনিখনৰ লক্ষ্য যুৱক যুৱতী সকলক একো এজন সফল উদ্যোগী, ব্যৱসায়ী হিচাপে গঢ়ি তোলা। ইয়াৰ পূৰ্বে সমগ্ৰ অসমতে ২৫ হাজাৰ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম ২.০ আঁচনি ধন দিয়া হৈছিল। ইয়াৰে ২ হাজাৰ যুৱক-যুৱতীয়ে এই ধনৰ অপব্যৱহাৰ কৰিছিল যদিও ২৩ হাজাৰে সদ্ব্যৱহাৰ কৰিছে।”

মুখ্যমন্ত্ৰী জনে, অসমৰ বহু যুৱকে বহিঃৰাজ্যত কম দৰমহাত কৰ্তব্যত নিয়োজিত হৈ থকাৰ কথা উল্লেখ কৰি কয়, “ঘৰ ভাড়া, খোৱাৰ খৰচ আদি ব্যয়ৰ পিছত তেওঁলোকে এই কম দৰমহাত সঠিক জীৱন যাপন কৰিব নোৱাৰে। বহিঃ ৰাজ্যত সেয়ে বিভিন্ন কাৰণত যুৱকৰ মৃত্যু হয়। বহিঃৰাজ্যত মৃত্যু হোৱা যুৱকৰ মৃতদেহ অসমলৈ আনিবৰ বাবেও এটা বিশেষ নম্বৰৰ ব্যৱস্থা কৰা হৈছে। এই নম্বৰৰ জৰিয়তে আৰক্ষীক কলেই মৃতদেহ নিজে নিজে আহি অসম পাবহি। এই আচঁনিৰ নাম দিয়া হৈছে ‘শ্ৰদ্ধাঞ্জলি’ । ডঃ শৰ্মাই প্ৰত্যেক মাহত প্ৰায় ৫০ জন অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু হোৱা বুলি উদ্বেগ প্ৰকাশ কৰি কয়, ” অতি কমেও অসমৰ ২০ লাখ যুৱক-যুৱতীয়ে অসমৰ বাহিৰৰ ৰাজ্যত কাম কৰি আছে।” ডঃ শৰ্মাই কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰাটো সম্ভৱ নহয় বুলি উনুকিয়াই উদ্যোগীকৰণৰ জৰিয়তেহে ই সমাধান হ’ব বুলি কয়। তেওঁ কয়, “অসমত যদি উদ্যোগ হয়, তেন্তে উদ্যোগত কৰ্মসংস্থাপনৰ উপৰিও ইয়াৰ লগৰ আনুসংগিক ব্যৱসায়ৰ জৰিয়তেও ১০ হাজাৰ যুৱক-যুৱতী সংস্থাপিত হয়।’

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটী বিমান বন্দৰতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ৩০ হাজাৰ যুৱক-যুৱতীয়ে কাম কৰিব।পাৰিব বুলি উল্লেখ কৰি কয়, ” উদ্যোগ আৰু ব্যৱসায়ৰ আমি যদি সমান্তৰালভাৱে উন্নয়ন কৰিব পাৰো আমি যুৱক-যুৱতীক নিযুক্তি দিব পাৰিম। বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক-যুৱতীকো উভতাই আনিব পাৰিম।”

ডঃ শৰ্মাই অহা নিৰ্বাচনত বিজেপি বিজয়ী হ’লে ১০ লাখ যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি ধন প্ৰদান কৰিব বুলি কৈ কয়, ” প্ৰতিটো সমষ্টিত ৭ হাজাৰৰ পৰা ১০ হাজাৰ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰী কৰিব খোজো।”

ধিঙত সংঘটিত এক ধৰ্ষণৰ ঘটনাৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে কয়, “এই ঘটনাৰ প্ৰতিবাদ হোৱাৰ পিছত নগাঁৱত একাংশ অচিনাকি বাংলাদেশীমূলৰ মানুহে উজনিলৈ মাছ নপঠাই বুলি মন্তব্য কৰিছিল। বাহিৰৰ পৰা অসমলৈ অহা অচিনাকি মানুহে অসমৰ অৰ্থনীতিও নিয়ন্ত্ৰণ কৰে। এসময়ত অসমীয়া লোকৰ ঘৰত খেতি কৰিবলৈ তেওঁলোক আহিছিল। কিন্তু নগাঁৱত বিগত পাঁচ বছৰত লক্ষ্য কৰিলে দেখা যাব যে ভূমি বিক্ৰী কৰাৰ তালিকাত অসমীয়া প্ৰথম কিন্তু ক্ৰয় কৰাৰ তালিকাত অসমীয়া নাই।”

এনেকৈ এটা জাতি জীয়াই থাকিব জানো বুলি আক্ষেপ কৰি তেওঁ কয়, “আমিবোৰ কিমান পলাম। ৰূপহী, ধিং, যমুনামুখৰ পৰা পলোৱাৰ পিছত পলাবলৈও বৰ্তমান ঠাই আৰু নাই । এইখন অসমতে ধিং- ৰূপহীৰ মোলৈ বচাবৰ বাবে মেছেজ দিয়ে। আমাৰ অসমতে অসমীয়া মানুহকে আমি বচাব লাগিব? যোৱা ৭৫ বছৰত মুখ্যমন্ত্ৰীকে ধৰি কোনো অসমীয়াই চিন্তা নকৰিলে যে আমাৰ মাটি, পথাৰ, বজাৰ সকলো গ’ল।”

ডঃ শৰ্মাই কয়, “নগাঁও মেডিকেল কলেজৰ সন্মুখৰ দোকানত প্ৰতিদিনে ২০ হাজাৰ টকা বিক্ৰী হয়। কিন্তু অনুসন্ধান কৰক এই দোকানবোৰ কোনে খুলি বহি আছে?”

তেওঁ কয় “আমি অসমীয়া সকলে সন্তান জন্ম নিদিও জনসংখ্যা কমি গৈ আছে। কাম কৰিবলৈ ইচ্ছা নকৰো অৰ্থনীতিও হাতৰ পৰা গৈ আছে। ইয়াৰ লগতে তেওঁলোকে আহি ধমকি দিব পৰা হ’ল যে আমি উজনি মাছ নপঠিয়ালে মাছেই খাবলৈ নাপাব। আমাৰ সকলো আছিল। পূৰ্বতে আমাৰ অনুসূচিত জাতিৰ সমাজখনে মাছ উৎপাদন কৰিছিল। আজি মাছ উৎপাদন কৰে অচিনাকি মানুহবোৰে। এই পৰিবৰ্তনত অসমীয়াই প্ৰতিযোগিতা কৰিব লাগিব। অসমীয়াই যুঁজিব লাগিব। জাতিটোতো জীয়াই থাকিব লাগিব। নহ’লে এদিন এনে এটা দিন আহিব, আজি তেওঁলোকে যেনেকৈ আমাৰ ঘৰত শ্ৰম কৰে, দহ বছৰৰ পিছত আমাৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ ঘৰত শ্ৰম কৰিব লাগিব।”

জনসাধাৰণক আহ্বান জনাই মুখ্যমন্ত্ৰীজনে কয়, “এইখন চৰকাৰে কাকো ভয় নকৰে। চৰকাৰ অসমীয়া মানুহৰ লগত আছে। বিজেপি চৰকাৰৰ সুযোগলৈ জাতিটোক পুনৰ নিৰ্মাণ কৰক।”

তেওঁ কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী চাকৰি অসমীয়া যুৱক-যুৱতীয়ে ৬০ শতাংশ আৰু ইছলাম ধৰ্মৰ যুৱক-যুৱতীয়ে ৪০ শতাংশ লাভ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় বৰ্তমান আমাৰ চৰকাৰৰ দিনত মেধাৰ ভিত্তিত ৯০ শতাংশ অসমীয়া যুৱক-যুৱতীয়ে চাকৰি লাভ কৰে। কাৰণ আমাৰ চৰকাৰৰ দিনত ৰকিবুল হুছেইনে চাকৰি নিদিয়ে। আমাৰ চৰকাৰৰ দিনত যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰে।”

ডঃ শৰ্মাই বিগত ৫ বছৰত ডেড়লাখ বিঘা ভূমি উচ্ছেদ কৰা বুলি মন্তব্য কৰি অনাগত ৫ বছৰত ৫ লাখ বিঘা ভূমি উচ্ছেদ কৰিব বুলি কয়।

অসমখনক বচাবলৈ সংকল্প ল’ব লাগিব বুলি ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ভৰিৰ তলৰ মাটি আমি এৰি নিদিও।” বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ বুলি মন্তব্য কৰাৰ লগতে অচিনাকি লোক সকলৰ কথা উল্লেখ কৰি শৰ্মাই কয়, “তেওঁলোকে বুৰঞ্জী লিখিবৰ শংকৰ-মাধৱৰ স্থানত শংকৰ-আজান বুলি। তেওঁলোকে বাঘ হাজৰিকাই মহাবীৰ লাচিত বৰফুকনৰ সহযোগীহৈ যুদ্ধ কৰাৰ কথা লিখিব বুলি কয়। সেই বুৰঞ্জী আমি লিখিব দিব নোৱাৰো অসমীয়াই অসমৰ ইতিহাস আৰু। অসমীয়াৰ গৌৰৱময় গাথা লিখিব। আমি অসমত জন্মগ্ৰহণ কৰা সকলোকে সন্মান কৰো। কিন্তু বাংলাদেশৰ পৰা অহা মুছলমানক আমাৰ ইতিহাস লিখিব দিব নোৱাৰো। ইয়াৰ বাবে অসমীয়াৰ হাতত ৰাজনৈতিক, অৰ্থনৈতিক ক্ষমতা থাকিব লাগিব। লগতে অসমীয়াই শ্ৰম কৰিবৰ বাবে সাহস গোটাব লাগিব।”

বগীবিল দলং, কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণ কৰা অধিক যুৱক অসমীয়া আছিল বুলি মন্তব্য কৰি তেওঁ কয় “একাংশই অসমীয়াই কাম নকৰাৰ বদনাম উলিয়ালে বুলি কয়। গতিকে অসমৰ পৰিবৰ্তন কৰিব লাগিব। অসমীয়াই অসমখনক খামুচি ধৰি থাকিব লাগিব। মোৰ মাটি, মোৰ দেশ, মোৰ জাতি ৰক্ষা কৰিব লাগিব।”

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও চহৰৰ মৰিকলং উদ্যানৰ বিলৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কামৰ শুভ উদ্বোধন কৰাৰ লগতে নগাঁও চহৰৰ ৰূপকোঁৱৰ চ’কত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰে।

এই কাৰ্যসূচী সমূহত মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীযূষ হাজৰিকা, নগাঁও-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, চামগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আদিও উপস্থিত আছিল।

লগতে পঢ়কঃ অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম, বিশ্বৰ দ্বিতীয় আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল


Advertisement