Nagaon Education News: New Laboratory Inaugurated at Barbheti Higher Secondary Schoolছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হোৱাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁও: নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান কাছমাৰিৰ বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান আৰু গণিত বিষয়ৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে নৱ-নিৰ্মিত অত্যাধুনিক পৰীক্ষাগাৰটি আজি এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে (Nagaon Education News)। ফিতা কাটি পৰীক্ষাগাৰটি শুভ উদ্বোধন কৰাৰ পিছতে জিলা আয়ুক্তই পৰীক্ষাগাৰটিৰ নৱ-নিৰ্মিত কোঠাসমূহ নিৰীক্ষণ কৰে আৰু নিৰ্মাণকাৰ্যৰ গুণগত মানৰ বুজ লয়। গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীসকলক বিজ্ঞানমনস্ক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষাগাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, এনে পৰীক্ষাগাৰে ছাত্ৰ-ছাত্ৰীসকলক কেৱল পুথিগত বিদ্যাৰ মাজতে আৱদ্ধ নাৰাখি ব্যৱহাৰিক জ্ঞান আহৰণত বিশেষভাৱে সহায় কৰিব। এই উদ্ধোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত জিলা আয়ুক্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সমবেত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা তেওঁৰ সাৰুৱা ভাষণত বৰ্তমান যুগৰ প্ৰতিযোগিতামূলক পৰিৱেশত বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।

তেওঁ শিক্ষাৰ্থীসকলক শৈক্ষিক দিশত ব্ৰতী হোৱাৰ লগতে সমাজৰ একোজন সুনাগৰিক হিচাপে গঢ়ি উঠিবলৈ আৰু নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ তথা অনুপ্ৰেৰণামূলক পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰিনি খাতিয়ান, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শিক্ষাৰ্থীসকল আৰু স্থানীয় গণ্য-মান্য ব্যক্তিসকলৰ উৎসাহী উপস্থিতিয়ে সমগ্ৰ উদ্বোধনী অনুষ্ঠানটোক এক উৎসৱমুখৰ ৰূপ প্ৰদান কৰে।

লগতে পঢ়কঃ নগাঁৱত সকলো আঁচনি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ


Advertisement