নগাঁও: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন। বিধানসভা নিৰ্বাচনত মুক্ত, ন্যায়সঙ্গত আৰু সুৰক্ষিত ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন (Nagaon Election Observers Contact Number)।
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ইতিমধ্যেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে নগাঁও জিলা প্ৰশাসনে। নিৰ্বাচন প্ৰক্ৰিয়া সঠিক, সুশৃংখল আৰু ন্যায়সঙ্গতভাৱে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ বিভিন্ন সমষ্টিৰ বাবে ব্যয় পৰ্যবেক্ষক, সাধাৰণ পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰ ফোন নম্বৰ ৰাজহুৱা কৰিছে জিলা প্ৰশাসনে।
জিলা প্ৰশাসনে প্ৰকাশ কৰা তালিকা অনুসৰি সমষ্টি অনুসাৰে দায়িত্বত থকা পৰ্যবেক্ষক আৰু ফোন নম্বৰ হৈছে-
ব্যয় পৰ্যবেক্ষক
প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয় নিৰীক্ষণ কৰিবলৈ ভাৰতীয় ৰাজস্ব সেৱাৰ (IRS) জ্যেষ্ঠ বিষয়া নিয়োগ কৰা হৈছে। সেই অনুসৰি-
- ধিং আৰু ৰূপহীহাট সমষ্টি: টি. ৰামালিঙ্গম (যোগাযোগ: ৯৪৪৫৯৬০৮৭৭)
- কলিয়াবৰ আৰু সমগুৰি সমষ্টি: অশোক চৰণ (যোগাযোগ: ৮১০৭০৮৭০০৭)
- বৰহমপুৰ, নগাঁও বটদ্ৰৱা আৰু ৰাহা (SC) সমষ্টি: উণ্ডে যোগেশ পাণ্ডুৰাম (যোগাযোগ: ৯৬৫০৭৫৩৬১৮
সাধাৰণ পৰ্যবেক্ষক
নিৰ্বাচনৰ সামগ্ৰিক পৰিচালনা তদাৰক কৰিবলৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) বিষয়া নিয়োগ কৰা হৈছে। সেই অনুসৰি-
- ধিং, ৰূপহীহাট আৰু সমগুৰি সমষ্টি: গোবিন্দা ৰেড্ডী (যোগাযোগ: ৯৪৪৮৩৩৪০৮১)
- কলিয়াবৰ আৰু বৰহমপুৰ সমষ্টি: শিৱ প্ৰসাদ আই. (যোগাযোগ: ৯৮৩৯৬৬৩৪৩৫)
- নগাঁও বটদ্ৰৱা আৰু ৰাহা (SC) সমষ্টি: উমাশংকৰ ভাৰ্গৱ (যোগাযোগ: ৯৪২৫১৬৮৭৫৭)
আৰক্ষী পৰ্যবেক্ষক
জিলাখনৰ আইন-শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিবলৈ ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) এজন বিষয়া নিয়োগ কৰা হৈছে। জিলাখনৰ প্ৰতিটো সমষ্টিৰ দায়িত্বত থকা বিষয়াগৰাকী হৈছে-
জি. শিৱকুমাৰ (যোগাযোগ: ৯৪১৮০৪৪২২২)
নিৰ্বাচনৰ সৈতে জড়িত যিকোনো অভিযোগ বা তথ্য জনাবলৈ সাধাৰণ জনতাই এই পৰ্যবেক্ষকসকলৰ সৈতে উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে। ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ পূৰ্বে নগাঁৱৰ সকলো সমষ্টিত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া কৰি তোলা হৈছে।
লগতে পঢ়কঃ নগাঁও জিলাৰ ভোটিং মেচিনৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন

