Assam Chief Secretary Ravi Kota Reviews Election Preparedness in Nagaonনগাঁৱত মুখ্য সচিব ৰবি কোটাৰ নিৰ্বাচনী পৰ্যালোচনা

নগাঁও : ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই বৃহস্পতিবাৰে নগাঁও জিলা ভ্ৰমণ কৰি জিলাখনৰ সামগ্ৰিক নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় (Nagaon Election Review)। এই উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰি মুখ্য সচিবগৰাকীয়ে নিৰ্বাচন পৰিচালনাৰ সৈতে জড়িত বিভিন্ন কোষসমূহৰ কাৰ্যক্ষমতাৰ তন্নতন্নকৈ পৰ্যালোচনা কৰে। এই গুৰুত্বপূৰ্ণ পৰ্যালোচনা কালত তেওঁ নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰতিটো কোষৰ বিষয়া-কৰ্মচাৰীসকলক নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে।

বৈঠকত জিলা নিৰ্বাচনী বিষয়া তথা  জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক তথ্যসমৃদ্ধ পাৱাৰপইন্ট প্ৰেজেন্টেশ্যনৰ সহায়ত জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ এক সামগ্ৰিক চিত্ৰ দাঙি ধৰে। তেওঁ ভোটকেন্দ্ৰসমূহৰ আন্তঃগাঁথনি, ইভিএম আৰু ভিভিপেট মেচিনৰ সংৰক্ষণ তথা পৰীক্ষণ, ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে হাতত লোৱা কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বিষয়ে মুখ্য সচিবক অৱগত কৰে। নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে নিৰ্বাচনকালীন সময়ত জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ বাবে লোৱা ব্যৱস্থাৱলীৰ এক খতিয়ান দাঙি ধৰে। তেওঁ বিশেষকৈ অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহৰ নিৰাপত্তা নিশ্চিত কৰা, অবৈধ সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবলৈ তালাচী অভিযান তীব্ৰতৰ কৰা আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ মোতায়ন সম্পৰ্কীয় পৰিকল্পনাসমূহৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায়।

আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত জিলাখনৰ বিভিন্ন সমষ্টিৰ ৰিটাৰ্ণীং বিষয়াসকল, অতিৰিক্ত আয়ুক্তসকল, নিৰ্বাচনী বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকি নিৰ্বাচনটো বিসংগতিহীনভাৱে অনুষ্ঠিত কৰিবলৈ তেওঁলোকৰ দায়বদ্ধতা দোহাৰে। মুখ্য সচিব ডঃ কোটাই  প্ৰশাসনৰ এই তৎপৰতাত সন্তোষ প্ৰকাশ কৰাৰ লগতে যিকোনো জৰুৰী পৰিস্থিতি মোকাবিলা কৰিবলৈ সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়।

লগতে পঢ়কঃ নগাঁৱত নিৰ্বাচন আয়োগৰ বিশেষ পৰ্যবেক্ষক


Advertisement