Nagaon Election Security Tightened as Officials Visit Sensitive Polling Areasনগাঁৱত নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে তৎপৰ জিলা প্ৰশাসন

নগাঁও: বিধানসভা নিৰ্বাচনৰ সময়চোৱাত নগাঁও জিলাখনৰ শান্তি-শৃংখলা আৰু আইন-ব্যৱস্থা যাতে কোনো কাৰণতে বিঘ্নিত নহয়, সেই উদ্দেশ্যে আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে (Nagaon Election Security)।

আজিৰ এই পৰিদৰ্শনকালত জিলা আয়ুক্ত‌ই চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লৰিমুখ অঞ্চলত স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰে। নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আইনসংগতভাৱে অনুষ্ঠিত কৰিবলৈ তেওঁ ৰাইজৰ পৰা সক্ৰিয় সহযোগিতা কামনা কৰাৰ লগতে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ স্থানীয় লোকসকলক নিৰ্ভয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ ল’বলৈ আশ্বাস প্ৰদান কৰাৰ লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসন সদায় সষ্টম হৈ থকাৰ কথা দোহাৰে।

লগতে পঢ়কঃ পেডেল মাৰি মাৰি নগাঁও চহৰ ভ্ৰমণ নগাঁও জিলা আয়ুক্তৰ, উদ্দ্যেশ্য ভোটাৰ সজাগতা


Advertisement