Strict Nagaon Food Price Control Ahead of Bhogali Bihu, Traders WarnedNagaon food price contro: ভোগালীৰ বাবে প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিছে খাদ্য সামগ্ৰী মূল্য

নগাঁওঃ ভোগালী বিহুত প্ৰায়েই একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰে খাদ্য সামগ্ৰীৰ মূল্য। বিশেষকৈ মাছ, মাংস, দৈ আদি খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত মূল্যবৃদ্ধি কৰি অধিক মুনাফা আদায় কৰি আহিছে একাংশ ব্যৱসায়ীয়ে (Nagaon food price control)।

কিন্তু এইবাৰ বিশেষকৈ মধ্য অসমৰ নগাঁৱৰ ক্ষেত্ৰত সম্ভৱ নহ’ব ব্যৱসায়ী পূৰ্বৰ মুনাফা আদায় কৰিবলৈ মূল্য বৃদ্ধি কৰা (Bhogali Bihu food prices)। কাৰণ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন (Nagaon district administration)। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত জিলা প্ৰশাসনে সুলভ মূল্যৰ মাছ বিক্ৰীৰ ব্যৱস্থা কৰাৰ উপৰিও বজাৰত বিক্ৰী হ’বলগীয়া মাছ, মাংসকে আদি কৰি দৈ, ক্ৰীম পৰ্য্যন্ত সকলোবিধ খাদ্য সামগ্ৰীৰ বাবে নিৰ্দ্ধাৰণ কৰি দিছে বিশেষ মূল্য।

নগাঁও জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া মূল্য অনুসৰি-

সামগ্ৰীৰ নামনিৰ্ধাৰিত মূল্য
ক্ৰীমপ্ৰতি কেজি ৬০০ টকা
পনীৰপ্ৰতি কেজি ৫০০ টকা
দৈপ্ৰতি কেজি ১৩০ টকা
গাখীৰপ্ৰতি লিটাৰ ৬০–৬৫ টকা
ছাগলী মাংসপ্ৰতি কেজি ৭০০–৭৪০ টকা
লোকেল মুৰ্গীপ্ৰতি কেজি ৪০০–৪৫০ টকা
ব্ৰইলাৰ মুৰ্গীপ্ৰতি কেজি ২২০ টকা
কণীপ্ৰতি ৩০টা ২২০ টকা

জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া এই মূল্য তালিকাতকৈ অধিক মূল্যত এইসমূহ সামগ্ৰী বিক্ৰী কৰিলে বিপদ নিশ্চিত বুলি এক ভিডিঅ বাৰ্তাযোগে সকীয়াই দিছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই (Nagaon DC Devashish Sharma)।

এই সন্দৰ্ভত ভিডিঅ বাৰ্তাটোত সকলো ব্যৱসায়ীকে এক আহ্বান জনাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, “আগন্তুক ভোগালী বিহুত সকলো ব্যৱসায়ীয়ে যাতে প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া মূল্যতহে খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰে। অন্যথা বিধিগতভাৱে আমি তেওঁলোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ম।”

লগতে সকলোকে অধিক মূল্যত সামগ্ৰীৰ ক্ৰয় নকৰিবলৈ আহ্বান জনায় জিলা আয়ুক্ত দেৱশীষ শৰ্মাই।

লগতে পঢ়কঃ ভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱত বিশেষ মীন বিপণীৰ আয়োজন


Advertisement