নগাঁওঃ নগাঁও কাৰাগৰত সংঘটিত হয় এক অঘটন। একে নিশাই দুজনকৈ কাৰাবন্দীৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। একে নিশাই দুজনকৈ কৰাবন্দীৰ মৃত্যুক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ নগাঁৱত (Nagaon Jail Death Mystery)।
নগাঁৱৰ দুখনকৈ কাৰাগাৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগৰত বন্দী হৈ থকা অৱস্থাত আকস্মিক মৃত্যুক সাৱটি লোৱা কাৰাবন্দী দুজনৰ এজন হৈছে নগাঁও জিলাৰ ৰহাৰ জিতুমণি কোঁৱৰ। ৰহা ৰজা গাঁৱৰ প্ৰয়াত কনাট্ৰপা কোঁৱৰৰ পুত্ৰ জিতুমণি ২০২৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা নগাঁও কাৰাগাৰত কাৰাবন্দীহৈ আছিল । নগাঁৱৰ ৰহা আৰক্ষী থানাত ১৭৩/২০২৫ নম্বৰত জিতুমণি কোঁৱৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল । সেই গোচৰৰ ভিত্তিতেই ভাৰতীয় ন্যায় সংহিতাৰ ২৯৬/১১৭(২)/১০৯ ধাৰাৰ অধীনত জিতুমণি কোঁৱৰ কাৰাবন্দী হৈ আছিল। আজি পুৱা প্ৰায় ৬-৩০ বজাত লোকজনৰ মৃত্যু হয়।
অন্যহাতেদি মৃত্যু হোৱা আনজন কয়দী হৈছে হোজাই জিলাৰ লংকাৰ উদালিৰ ৰূপচিং দেৰা। লংকা পূৱ উদালিৰ প্ৰয়াত হৰচচিং টিমুঙৰ পুত্ৰ ৰূপচিং চলিত বৰ্ষৰ মাৰ্চ মাহৰ ২৫ তাৰিখৰ পৰা নগাঁও কাৰাগাৰত কাৰাবন্দীহৈ আছিল। হত্যাৰ গোচৰত লংকা আৰক্ষী থানাৰ ৪৯/২০২৬ নম্বৰৰ গোচৰৰ ভিত্তিত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল লোকজনক। লোকজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(১) ধাৰাত গোচৰ ৰুজু হৈ আছে। লোকজনক আজি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
কাৰাগাৰৰ ভিতৰত আকস্মিক মৃত্যুক সাৱটি লোৱা দুয়োজন কাৰাবন্দীৰ মৃতদেহ নগাঁও মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
উল্লেখযোগ্য যে আকস্মিকভাৱে কাৰাবন্দীহৈ থকা দুজন লোকৰ মৃত্যু হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। কোনো ৰোগত অসুস্থ হৈ লোক দুজনৰ মৃত্যু হ’ল নে লোক দুজনৰ মৃত্যুৰ আঁৰত অন্য কোনো বিষয় লুকাই আছে সেই কথা কাৰাগাৰৰ কৰ্তৃপক্ষই সদৰী কৰা নাই। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিষয়টো সম্পৰ্কত অবগত হোৱাৰ লগে লগে সহকাৰী আয়ুক্তক তদন্তৰ নিৰ্দেশ দিয়ে।
লগতে পঢ়কঃ অভি-নীল হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত ২০ জনক যাৱজ্জীৱন কাৰাদণ্ড

