Students Rally in Support of Teacher in Nagaon Student Suicide Caseনগাঁৱত ছাত্ৰী আত্মহত্যাৰ ঘটনাৰ অভিযুক্ত শিক্ষকৰ পক্ষত বিদ্যালয় ছাত্ৰী সকল

নগাঁওঃ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ লগত বিদ্যালয়খনৰে এগৰাকী শিক্ষক জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত আজি বিদ্যালয়খনৰ ছাত্ৰী সকল শিক্ষকজনৰ পক্ষত থিয় দিয়ে (Nagaon Student Suicide Case)।

উল্লেখযোগ্য যে, যোৱা ১৯ মে’ৰ পুৱা বিদ্যালয়লৈ অহাৰ পথত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীৰ খুশী ঘোষ নামৰ ছাত্ৰী গৰাকীয়ে নগাঁও ৰাজ্যিক বাছ আস্থানৰ সমীপৰ দলঙৰ ওপৰৰ পৰা কলঙত জপিয়াই আত্মহত্যা কৰিছিল। পাৰিবাৰিক আৰু শাৰীৰিক অসুস্থতাৰ বাবে ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰথম অৱস্থাত চৰ্চিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিদ্যালয়খনৰে অলকেশ নাথ নামৰ এগৰাকী শিক্ষকৰ নাম ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত হৈ পৰে।

নগাঁও চহৰৰ লাওখোৱা ৰোডৰ লখিমী পথৰ ফলমুল ব্যৱসায়ী ৰাকেশ ঘোষৰ কণ্যা এই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ দিনা পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই অহাৰ সময়ত মাকৰ হাতত দি অহা কাগজৰ টুকুৰা এটাত বিদ্যালয়খনৰ শিক্ষক অলকেশ নাথ আৰু তেওঁৰ ফোন নম্বৰ লিখা আছিল। পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীৰ পৰিয়ালে শিক্ষক গৰাকীয়ে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱা বুলি কৰা অভিযোগ তথা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নগাঁও সদৰ থানাত ভাৰতীয় ন্যায় সংহিতা আইনৰ ১০৮ ধাৰাৰ অধীনত ৩৬৫/২৬ নম্বৰৰ এক গোচৰ ৰুজু কৰি শিক্ষক অলকেশ নাথক আটক কৰি জেৰা কৰে।

কিন্তু আজি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰীসকল অভিযুক্ত শিক্ষক জনৰ পক্ষত থিয় দিয়ে। আনকি বিদ্যালয়খনৰ ছাত্ৰীসকলে শিক্ষকজন নিৰ্দোষী বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ তথা অপপ্ৰচাৰ চলোৱা হৈছে বুলি প্ৰতিবাদী সমদল উলিয়াই। বিদ্যালয়খনৰ ছাত্ৰী সকলে “উই ৱান্ট জাষ্টিচ”, ” আমাক ন্যায় লাগিব “, ” আমাৰ চাৰ নিৰ্দোষী”, “চাৰক মুকলি কৰি দিয়ক” আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তুলে। ছাত্ৰী সকলে শিক্ষকজনক আটক কৰাৰ পূৰ্বে তেওঁৰ সম্পৰ্কত বিদ্যালয়খনৰ অন্য ছাত্ৰী সকলক এবাৰো কিয় নুসুধিলে বুলি ক্ষোভ উজাৰে। তেওঁলোকে কয়,” চাৰে বিদ্যালয়খনত যোগদান কৰা মাত্ৰ ৫ মাহ হৈছে। চাৰ এনেকুৱা নহয়। চাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে। অপপ্ৰচাৰ চলোৱা হৈছে। চাৰৰ ভুল নাই।”

অন্যহাতেদি বিদ্যালয়খনৰ অধ্যক্ষা গৰাকীয়ে কয়, ” আমি আদালতৰ ৰায়ৰ বাবে আশা কৰি আছো। তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ আমি পোৱা নাই। তেওঁক যেনেদৰে অভিযুক্ত কৰা হৈছে তেনে অভিযোগ কোনো ছাত্ৰীৰ পৰা পূৰ্বতে পোৱা নাই। তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ অনা হৈছে বুলি মোৰ অনুমান। আৰক্ষীয়ে সঠিক তদন্তৰে প্ৰকৃত দোষীক বিচাৰি উলিওৱাটোৱে আমি বিচাৰো।” এতিয়া ঘটনাৰ প্ৰকৃত সত্য ওলোৱাটো নগাঁৱৰ ৰাইজেও বিচাৰিছে।

লগতে পঢ়কঃ আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস


Advertisement