নগাঁও: বিধানসভা নিৰ্বাচনত যাতে নগাঁও জিলাৰ প্ৰতিগৰাকী ভোটাৰে দায়িত্বশীল নাগৰিকৰ দৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সেই উদ্দেশ্যে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এটি চাইকেল শোভাযাত্ৰা উলিওৱা হয় (Nagaon Voter Awareness Campaign)। প্ৰসিদ্ধ পেৰা অলিম্পিয়ান-চাইকেলিষ্ট ৰাকেশ বণিকে নেতৃত্ব লোৱা এই চাইকেল শোভাযাত্ৰা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পতাকা জোকাৰি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে তেওঁ এই সমদলত নিজেও অংশগ্ৰহণ কৰে।
এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, গণতন্ত্ৰৰ সাৰ্থকতা প্ৰতিপন্ন হয় ভোটাধিকাৰৰ সঠিক প্ৰয়োগৰ দ্বাৰা। সকলোৱে এলাহ কাটি কৰি কোনো ভয় বা প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰি আমাৰ দেশৰ গণতন্ত্ৰৰ মহান ঐতিহ্যৰ সাৰ্থক কৰি তুলিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, নগাঁও চক্ৰ বিষয়া বনদীপ ৰাভা, নিৰ্বাচন বিষয়া শেখৰন ফুকন, জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মা সহিতে ভোটাৰ শিক্ষা আৰু সজাগতা কোষৰ সদস্যসকল আৰু শতাধিক ছাত্ৰ-ছাত্ৰী চাইকেল আৰোহী উপস্থিত থাকে।
সমদলকাৰীসকলে সমগূচহৰখন পৰিভ্ৰমণ কৰে। ইয়াৰ পূৰ্বে এই নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ দ্বাৰা প্ৰস্তুত কৰা নিতীকন নামৰ কাজিৰঙাৰ গড়ৰ প্ৰতীকী শুভংকৰ এটি জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এটি ছেলফি পইন্টো মুকলি কৰা হয়।
লগতে পঢ়কঃ জিলা নিৰ্বাচনী বিষয়া, পৰ্যবেক্ষকৰ উপস্থিতিত আৰক্ষী আৰু অসামৰিক বিষয়াৰ যৌথ সভা

