নগাঁওঃ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো পালন কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ শুক্ৰবাৰে সজাগতামূলক বিশাল বাইক ৰেলীৰে সামৰণি পৰে (National Road Safety Month Nagaon)।
“পথ সুৰক্ষা, জীৱন ৰক্ষা ” – এই মূলমন্ত্ৰক সাৰোগত কৰি নগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত আৰু জিলা পৰিবহন বিভাগৰ সহযোগত বিগত ১ জানুৱাৰীৰ পৰা চলি থকা “ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ”ৰ শুক্ৰবাৰে আনুষ্ঠানিকভাৱে সফল সামৰণি পৰে।
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ’ৰ সামৰণি অনুষ্ঠান উপলক্ষে নগাঁও জিলাত এক বিশাল পথ সজাগতামূলক বাইক ৰেলীৰ আয়োজন কৰা হয়। নগাঁৱৰ ডিমৰুগুৰিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক বাইক ৰেলী কাৰ্যসূচী নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে।
উদ্বোধনী ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পথ সুৰক্ষাৰ গুৰুত্ব বিস্তৃতভাৱে ব্যাখ্যা কৰি কয় যে, পথ দুৰ্ঘটনা আজিৰ সময়ত এক গুৰুত্বপূৰ্ণ সামাজিক সমস্যা হৈ উঠিছে। সামান্য অসাৱধানতা, নিয়ম ভংগ আৰু দায়িত্বহীন আচৰণে বহু মূল্যবান জীৱন কাঢ়ি লৈছে বুলি উল্লেখ কৰি তেখেতে প্ৰতিজন নাগৰিকক সচেতন আৰু দায়িত্বশীল হ’বলৈ আহ্বান জনায়। বিশেষকৈ যুৱ প্ৰজন্মক পথৰ নিয়ম মানি চলা, হেলমেট আৰু ছিট বেল্ট ব্যৱহাৰ কৰা, মদ্যপান কৰি বাহন নচলোৱাৰ ক্ষেত্ৰত অধিক সজাগ হ’বলৈ বিশেষভাৱে অনুৰোধ জনায় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
সজাগতামূলক বাইক ৰেলীটো জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ নগাঁও মহাবিদ্যালয়, হয়বৰগাঁও আদি গুৰুত্বপূৰ্ণ অঞ্চল অতিক্ৰম কৰি নগাঁও আকাশবাণী কেন্দ্ৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ তিনিআলিত উপস্থিত হয়। তাৰ পৰা পুনৰ উভতি আহি ডিমৰুগুৰিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এই বাইক ৰেলীৰ সফল সামৰণি পৰে। ৰেলীৰ সময়ছোৱাত বাইকাৰ্ছসকলৰ হাতত থকা পথ সুৰক্ষা বিষয়ক প্লে’কাৰ্ড, শ্ল’গান আৰু বাৰ্তাই পথচাৰী তথা সাধাৰণ লোকৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰে। সজাগতামূলক বাইক ৰেলীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, সজাগতামূলক বাইক ৰেলীৰ সফল সমাপ্তিৰ পাছত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয়। সভাত পথ সুৰক্ষা, পথৰ নিয়ম, যান-বাহন দুৰ্ঘটনা হ্ৰাসৰ উপায় আৰু জনসচেতনতাৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
পথ সুৰক্ষা মাহ’ৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ, সহকাৰী জিলা আয়ুক্ত তেজস অগ্নিহোত্রী, জিলা পৰিবহন বিষয়া সীমান্ত বৰা, জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ লগতে জিলা যান-বাহন আৰক্ষী, মটৰহেড ইউনাইটেড অসমৰ মটৰচাইকেল ক্লাৱৰ বহুসংখ্যক বাইকাৰ্ছ উপস্থিত থাকে।
লগতে পঢ়কঃ Kaziranga Turtle Survey: কাছৰ সমীক্ষায়েও ভাল খবৰ কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ
