ncert controversy supreme court textbook issueএন চি ই আৰ টিৰ পাঠ্যক্ৰমত আদালত অৱমাননাৰ বিতৰ্কিত বিষয়ঃ উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ পিছতেই ক্ষমা-প্ৰাৰ্থনা এন চি ই আৰ টিৰ

নেশ্যনেল ডেস্কঃ নেশ্যনেল কাউন্সিল অৱ এডুকেশ্বন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ এন চি ই আৰ টিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত আদালত অৱমাননাৰ এটা অধ্যায়ক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ পিছত এন চি ই আৰ টি কৰ্তৃপক্ষই ক্ষমা বিচাৰিছে (NCERT Controversy)। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এন চি ই আৰ টি কৰ্তৃপক্ষই ক্ষমা বিচৰাৰ লগতে পাঠ্যপুথিখন বাতিল কৰা কথাও সদৰী কৰে।

কি আছিল পাঠ্যপুথিখনত

উল্লেখযোগ্য যে এন চি ই আৰ টিৰ দ্বাৰা প্ৰকাশিত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ Exploring Society: India and Beyond – Grade 8” পাঠ্যপুথিখনত “আমাৰ সমাজত ন্যায় বিভাগৰ ভূমিকা” শীৰ্ষক এটা অধ্যায় অন্তৰ্ভুক্ত আছিল। এই অধ্যায়টোত ন্যায় ব্যৱস্থাৰ বিভিন্ন স্তৰত দুৰ্নীতি, ৰায় প্ৰদানত বিলম্ব আদি কেইবাটাও বিষয়ৰ উল্লেখ কৰা হৈছে।
ইয়াৰ লগতে ন্যায়াধীশৰ অভাৱ, জটিল আইনী প্ৰক্ৰিয়া আদি কাৰণত ন্যায় প্ৰদান ব্যৱস্থাত বিভিন্ন বাধা আৰু সমস্যাৰ সৃষ্টি হয়। এইবোৰ কাৰণেই বহু সময়ত বিচাৰৰ প্ৰক্ৰিয়া দীৰ্ঘ সময় ধৰি চলি থাকে বুলিও পাঠ্যপুথিখনত উল্লেখ কৰা হৈছে।

এই বিষয়টোকলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই অসন্তোষ প্ৰকাশ কৰে। মুখ্য ন্যায়াধীশজনে এই সম্পৰ্কত স্বতঃপ্ৰণোদিতভাৱে (Suo motu) আইনী ব্যৱস্থা লোৱাৰো সতর্কবাণী দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ সতর্কবাণীৰ পিছতেই এন চি ই আৰ টিয়ে এক নতুন নিৰ্দেশনা দিয়ে। বিতৰ্কিত পাঠ্যপুথিখন বজাৰৰ পৰা উঠাই লোৱাৰ সিদ্ধান্ত লয়। কেৱল ইমানেই নহয় এই অধ্যায়ত অধ্যায়টোক লৈ কেন্দ্ৰীয় চৰকাৰকো উচ্চ ন্যায়ালয়ে তীব্ৰ ভৰ্ৎসনা কৰাৰ পিছত এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ওচৰত কেন্দ্ৰীয় চৰকাৰে নিঃচৰ্ত ক্ষমা বিচাৰে।

কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ক দোষী ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। তদুপৰি এই অধ্যায়টো প্ৰস্তুত কৰাৰ সৈতে জড়িত ব্যক্তিসকলক ভবিষ্যতে কোনোধৰণৰ কাম কৰিবলৈ দিয়া নহ’ব বুলিও কেন্দ্ৰই সিদ্ধান্ত লোৱাৰ কথা আদালতক অবগত কৰে।

ইয়াৰ পিছতো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অসন্তুষ্টি ব্যক্ত কৰি কয়, “গুলি ইতিমধ্যেই বন্দুকৰ পৰা ওলাই গৈছে। আজি ন্যায় ব্যৱস্থা ৰক্তাক্ত হৈ পৰিছে।”

এন চি ই আৰ টি কৰ্তৃপক্ষক উচ্চতম ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগছী আৰু ন্যায়াধীশ বিপুল পাঞ্চলী-ৰ সংবিধানিক বেঞ্চে এন চি ই আৰ টিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি “Exploring Society: India and Beyond, Vol II”-ৰ পুনৰ মুদ্ৰণ বা ডিজিটেল প্ৰিন্ট সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। একে সময়তে আদালতে স্কুল শিক্ষা বিভাগৰ সচিব আৰু এন চি ই আৰ টি-ৰ সঞ্চালক দীনেশ প্ৰসাদ চাকলানিলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে।

ইপিনে কেন্দ্ৰীয় চৰকাৰৰহৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক কেন্দ্ৰীয় চৰকাৰে নিঃচৰ্ত ক্ষমা বিচাৰাৰ প্ৰসংগত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “কেন্দ্ৰীয় চৰকাৰৰ জাননী দেখিলো, কিন্তু ইয়াত ক্ষমা বিচৰাৰ এটাও শব্দ নাই।”

বিক্ৰী হোৱা ৩২ খন কিতাপ উঠাই লৈছে এন চি ই আৰ টি কৰ্তৃপক্ষই

কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত দাবী অবগত কৰে ৰে ইতিমধ্যে বিক্ৰী হোৱা ৩২খন কিতাপ উঠাই লোৱা হৈছে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশে কয়, “আপুনি কৈছে যে কিতাপখন উঠাই লোৱা হৈছে— কিন্তু ই এতিয়াও বজাৰত আছে, ছ’চিয়েল মিডিয়াতো আছে। মই নিজেও কিতাপখনৰ এটা কপি পাইছো। এইটো একেবাৰে ইচ্ছাকৃত পদক্ষেপ।”

তেওঁ আৰু কয়, “প্ৰথমতে শিক্ষক সমাজক কোৱা হ’ব যে ভাৰতৰ ন্যায় ব্যৱস্থা দুৰ্নীতিগ্ৰস্ত আৰু ইয়াত বহু গোচৰৰ নিষ্পত্তি হোৱা নাই। তাৰ পিছত সেই কথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে জানিব। যদি আপুনি শিক্ষক সমাজ আৰু শিক্ষাৰ্থীসকলক শিকায় যে ন্যায় ব্যৱস্থা দুৰ্নীতিগ্ৰস্ত, তেন্তে কি বাৰ্তা যাব? এইটো এটা গভীৰ ষড়যন্ত্ৰ।”
একেই সময়তে মুখ্য ন্যায়াধীশ সূৰ্য কান্তই সতর্ক কৰি কয় যে, “এই অধ্যায়ৰ শিৰোনাম সলনি কৰি, বা ডিজিটেলভাৱে শ্বেয়াৰ কৰি, বা আদালতৰ নিৰ্দেশ এৰাই যোৱাৰ চেষ্টা কৰিলে তাক আদালতৰ আদেশৰ ইচ্ছাকৃত অৱমাননা বুলি গণ্য কৰা হ’ব।”

কেন্দ্ৰীয় চৰকাৰৰ পক্ষত সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক কয়, “চৰকাৰে বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে চাই আছে আৰু আপত্তিকৰ বিষয়বস্তু পোহৰলৈ অহাৰ পিছতেই দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা হৈছে।” উচ্চতম ন্যায়ালয়ে এই অধ্যায়টো দেশৰ ন্যায় ব্যৱস্থাক দুৰ্বল কৰাৰ আৰু ন্যায় বিভাগৰ মৰ্যাদা ক্ষুণ্ণ কৰাৰ এটা পৰিকল্পিত ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে। মহামান্য ন্যায়ালয়ে এই ধৰণৰ বিষয়সমূহ সময়মতে নিয়ন্ত্ৰণ নকৰিলে নৱপ্ৰজন্মৰ মাজত ন্যায়ালয়ৰ আস্থা নষ্ট হ’ব পাৰে বুলিও উল্লেখ কৰে।

এন চি ই আৰ টিৰ ক্ষমা প্ৰাৰ্থনা

ন্যায়ালয়ৰ এনেধৰণৰ ভৰ্ৎসনাৰ পিছতেই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এন চি ই আৰ টি কৰ্তৃপক্ষই (NCERT) ক্ষমা বিচাৰে । তেওঁলোকে স্বীকাৰ কৰে যে “Exploring Society: India and Beyond – Grade 8” নামৰ কিতাপখনত অন্তৰ্ভুক্ত উল্লেখিত অধ্যায়টো অনুপযুক্ত আছিল আৰু উক্ত অধ্যায়টোৰ বাবে এন চি ইৰ টি য়ে ক্ষমা বিচাৰিছে। বিজ্ঞপ্তি অনুসৰি, এন চি ই আৰ টি-ৰ সঞ্চালক আৰু সকলো সদস্যই এই বিষয়ত ক্ষমা প্ৰাৰ্থনা কৰিছে।
বিজ্ঞপ্তিত উল্লেখ থকা মতে কিতাপখন বজাৰৰ পৰা সম্পূৰ্ণৰূপে উঠাই লোৱা হৈছে আৰু কোনো বিদ্যালয়লৈও এই কিতাপ বিতৰণ কৰা নহ’ব।

লগতে পঢ়কঃ


Advertisement