মৰিগাঁওঃ যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ লক্ষৰে মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিয়ে নিক্ষয় মিত্ৰ হিচাপে টাটা চেমিকন্ডাক্টৰ জাগীৰোডৰ জৰিয়তে ৭০০ জন যক্ষ্মা ৰোগীলৈ পুষ্টিকৰ খাদ্য বিতৰণ কৰে (Nikshay Mitra Scheme)। সোমবাৰে জাগীৰোড পৰিদৰ্শন ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ৭০০ গৰাকী ৰোগীক একেলগে আমন্ত্ৰণ জনাই পুষ্টিকৰ খাদ্য বিতৰণ কৰে । মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ লগতে কেইবাৰীকী বিশিষ্ট লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়।
নিক্ষয় মিত্ৰ প্ৰকল্পৰ জৰিয়তে যক্ষ্মা ৰোগীসকলক আগবঢ়োৱা পুষ্টিকৰ খাদ্যই ৰোগীসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি চিকিৎসাৰ ক্ষেত্ৰত সফলতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনৰ। টাটা চেমিকন্ডাক্টৰৰ দৰে সংস্থাই এনে সামাজিক দায়বদ্ধতাৰ কামত অংশগ্ৰহণ কৰি স্থানীয় সমাজলৈ ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হৈছে। এই ধৰণৰ উদ্যোগে যক্ষ্মা মুক্ত ভাৰত গঢ়ি তোলাৰ লক্ষ্যক আৰু অধিক শক্তিশালী কৰিব বুলিও বিভিন্নজনে আশা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্য বিতৰণৰ উদ্যেশ্যে জাগীৰোড পৰিদৰ্শন ভৱনত অনুষ্ঠিত সভাত ভাষণ প্ৰাদন কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে কয় যে, “ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ’লে এই ৰোগত আক্ৰান্ত হোৱাৰ অধিক আশংকা থাকে। সেয়েহে খোৱা-বোৱাৰ ক্ষেত্ৰত নাৰী-পুৰুষ সকলোৱে সমানে গুৰুত্ব দিব লাগে।”

যক্ষ্মা কোনো ডাঙৰ ৰোগ নহয় বুলিও উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, “মহিলাসকলে সচৰাচৰ ভাল খাদ্য নাখাই নিজৰ স্বামী অথবা সন্তানক দি দিয়ে। সেয়েহে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা মহিলাৰ মাজত অধিক হোৱা দেখা যায়। যক্ষ্মা ৰোগী বুলি যেতিয়া মানুহে অৱহেলা কৰে, তেতিয়া ৰোগীজন মানসিকভাৱে ভাঙি পৰে। যক্ষ্মা ৰোগীসকলক আমি মৰমেৰে আৰু সহানুভূতিৰে চাব লাগে। ঘৰতে পোৱা সৰু সৰু খাদ্যও পুষ্টিকৰ খাদ্য হ’ব পাৰে, যাৰ বাবে বহুত বেছি টকা-পইছাৰ প্ৰয়োজন নহয়। যদি পুষ্টিকৰ খাদ্যৰ অভাৱত গা দুৰ্বল লাগে, তেনেহ’লে চৰকাৰী চিকিৎসালয়লৈ আহি ভিটামিন ল’বলৈ তেওঁ আহ্বান জনায়।
তেওঁ ভৱিষ্যতে জিলাখনৰ আৰু অধিক যক্ষ্মা ৰোগীক সহায় কৰিবলৈ আগ্ৰহী বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত দিয়া ভাষণত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নীতিশা বৰাই কয় যে যক্ষ্মা ৰোগীক মানুহে অৱহেলাৰ দৃষ্টিৰে চাব নালাগে। তেওঁলোকেও যাতে সমাজৰ এটা অংশ হিচাপে জীৱনটো আগবঢ়াই নিব পাৰে তাৰ বাবেই এনেধৰণে অনুষ্ঠানৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। সভাত জিলা যক্ষ্মা বিষয়া ডাঃ অমৰজ্যোতি ডেকাই যক্ষ্মা ৰোগীসকলক সহায় কৰাৰ বাবে সকলোকে যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়াবলৈ নিক্ষয় মিত্ৰ হ’বলৈ আহ্বান জনায়।
সভাত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ নাথ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, মৰিগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক জুফিন চুলতানা আৰু ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
মৰিগাঁও জিলা প্ৰশাসনৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে আৰু আগন্তুক দিনতো এনে সহযোগিতা অব্যাহত ৰাখিব লাগে বুলি সকলোৱে মত প্ৰকাশ কৰে।
লগতে পঢ়কঃ বুল্ড’জাৰেৰে উচ্ছেদ নহয়, মুখ্যমন্ত্ৰীলৈ পুষ্পবৃষ্টি নগাঁৱত

