ডবকাঃ অসমৰ চৰকাৰী মাদ্ৰাছা সমূহ বন্ধ কৰা আৰু অসম মাদ্ৰাছা শিক্ষা বৰ্ড বিলুপ্তিৰ পিছত ৰাজ্যখনৰ মাদ্ৰাছা শিক্ষিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে হোজাই জিলাৰ নীলবাগানস্থিত এখন মাদ্ৰাছাই আশাৰ পোহৰ দেখুৱাইছে (Nilbagan Madrasa Recognition)।
নীলবাগান মাদ্ৰাছাই ‘জালিলীয়া’ৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে ধৰ্মীয় আৰু জাগতিক শিক্ষাৰ সমন্বয় সাধন কৰি ইতিমধ্যে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। সম্প্ৰতি বিশ্বখ্যাত মাদ্ৰাছা নাদৱাতুল উলামা, লক্ষ্ণৌৰ দ্বাৰা উক্ত মাদ্ৰাছাক জালিলীয়া শিক্ষাৰ স্বীকৃতি প্ৰদান কৰা হৈছে বুলি মাদ্ৰাছা পৰিচালনা সমিতিয়ে সংবাদ মেলযোগে ঘোষণা কৰে।
এই স্বীকৃতিৰ ফলস্বৰূপে নীলবাগান জালিলীয়া মাদ্ৰাছাৰ পৰা শিক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-সকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সম-মৰ্যাদা লাভ কৰিব। তদুপৰি তেওঁলোকে আলীগড় মুসলিম বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া, লক্ষ্ণৌ বিশ্ববিদ্যালয় আৰু উছমানিয়া বিশ্ববিদ্যালয়ত প্ৰত্যক্ষভাৱে স্নাতক (ডিগ্ৰী) শ্ৰেণীত ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব বুলি জানিবলৈ দিয়া হয়।
সমগ্ৰ অসমৰ ভিতৰত কেৱল নীলবাগান মাদ্ৰাছাৰ জালিলীয়া শিক্ষাৰ ছাত্ৰ-সকলেহে এই বিশেষ সুবিধা লাভ কৰিছে বুলি পৰিচালনা সমিতিয়ে দাবী কৰে। ইয়াৰ লগতে আগন্তুক শিক্ষাবৰ্ষৰ বাবে ভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভতো ঘোষণা কৰা হয়। অহা ২৫ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰসকলৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব।
আগ্ৰহী অভিভাৱকসকলক নিজ নিজ সন্তানক লৈ নিৰ্দিষ্ট সময়ত উপস্থিত হৈ বাচনি পৰীক্ষাত অৱতীৰ্ণ কৰাবলৈ আহ্বান জনোৱা হৈছে।উল্লেখ্য যে, ৰাজ্যত মাদ্ৰাছা শিক্ষা ব্যৱস্থাত সৃষ্টি হোৱা পৰিৱর্তনৰ পিছত নীলবাগান মাদ্ৰাছাৰ এই পদক্ষেপে বহু শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।
সংবাদ মেলত উপস্থিত থাকে মাদ্ৰাছা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাতি মাওলানা এবাদুৰ ৰহমান,সম্পাদক ডাক্টৰ খালিকুজ জামান চৌধুৰী,অধ্যাপক নজৰুল ইছলাম বাৰভুঞা ,অধ্যক্ষক মাওলানা জাকিৰ হুছেইন নদৱি ,মাওলানা আজিজুৰ ৰহমান আৰু হাজী সোনা মিয়াই সংবাদ মেল যোগে ঘোষনা কৰে৷
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ ভূমি পূজন

