কলিয়াবৰ: ১৮ জানুৱাৰীত নগাঁৱলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ এতিয়া দিনক দিনে ব্যস্ততা বাঢ়িছে চৰকাৰ তথা প্ৰশাসনৰ। ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ পৰা জিলা প্ৰশাসনৰ মুৰব্বীলৈকে সকলো এতিয়া ব্যস্ত হৈ পৰিছে মৌচন্দা পথাৰত (PM Modi Nagaon Visit)।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ অংশৰ পৰা বোকাখাট পৰ্য্যন্ত এলিভেটেড কৰিডৰ নিৰ্মাণৰ শিলান্যাস কৰিবলৈ ১৮ জানুৱাৰীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Kaziranga Elevated Corridor)। নৰেন্দ্ৰ মোদীক আদৰিবলৈ কলিয়াবৰবাসীৰ লগতে নগাঁওবাসী সাজু হোৱাৰ উপৰিও প্ৰায় সাজু হৈ উঠিছে কলিয়াবৰৰ বিশাল মৌচন্দা পথাৰ (Mauchanda Pathar News)।

মৌচন্দা পথাৰত নিৰ্মাণকাৰ্য চলি আছে বিশাল পেণ্ডেলৰ। নিৰ্মীয়মান বিশালাকাৰৰ পেণ্ডেলৰ লগতে প্ৰধানমন্ত্ৰী অৱতৰণ কৰিবলগীয়া অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম প্ৰায় দৈনিক তদাৰক কৰি আছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
ইয়াৰোপৰি অসম চৰকাৰৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়াইয়ো প্ৰতিদিনেই তদাৰক কৰি আছে মৌচন্দা পথাৰ। মাত্ৰ দুটা দিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত হৈ তদাৰক কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
আনহাতে কলিয়াবৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তও বিগত কেইদিন ব্যস্ত হৈ পৰিছে মৌচন্দা পথাৰত (Assam Government Preparation)।

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বুধবাৰে পুনৰ মৌচন্দা পথাৰত উপস্থিত হৈ কাম কাজৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। মৌচন্দা পথাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লোৱাৰ উপৰিও কলিয়াবৰ সম জিলা কাৰ্য্যলয়ত কলিয়াবৰ সম জিলা প্ৰশাসনৰ সৈতে এখন আলোচনা সভাত মিলিত হয় মন্ত্ৰী কেশৱ মহন্তৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (Nagaon District Administration)।
মুঠৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মৌচন্দা পথাৰত ব্যস্ত হৈ পৰিছে চৰকাৰ, প্ৰশাসনৰ মুৰব্বী।
