Two Poor Families in Kachmari Await Benefits Under PMAY Housing Schemeজৰাজীৰ্ণ জুপুৰিত জীৱন সংগ্ৰাম দুটা দৰিদ্ৰ পৰিয়ালৰ

নগাঁওঃ এফালে চৰকাৰী গৃহ আঁচনিৰ সফলতাৰ কথা ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে, আনফালে আজিও বহু দৰিদ্ৰ পৰিয়াল সুৰক্ষিত বাসগৃহৰ পৰা বঞ্চিত হৈ জৰাজীৰ্ণ জুপুৰিত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে (PMAY Housing Scheme)। নগাঁও জিলাৰ কাছমাৰী গাঁৱৰ দুটা দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ ছবিয়ে পুনৰ এবাৰ উন্মোচন কৰিছে এই বাস্তৱক।

নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত খাগৰিজান উন্নয়ন খণ্ডৰ কাছমাৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা বুবুলি পাটৰে তেওঁৰ বৃদ্ধা মাতৃক লগত লৈ এটা ভগ্নপ্ৰায় ঘৰতে জীৱন কটাবলগীয়া হৈছে। ভঙা টিন, জৰাজীৰ্ণ বেৰাৰে গঠিত ঘৰটো যিকোনো সময়তে বিপদৰ কাৰণ হ’ব পাৰে বুলি স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে। দিন হাজিৰা কৰি উপাৰ্জন কৰা সামান্য ধনেৰে কোনোমতে জীৱন নিৰ্বাহ কৰা বুবুলি পাটৰ আৰু তেওঁৰ মাতৃয়ে দৰিদ্ৰতাৰ সৈতে প্ৰতিনিয়ত যুঁজ দি আহিছে।

বৰষুণৰ বতৰত সমস্যাই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে। চালৰে পানী সৰি পৰে আৰু নিশাৰ আকাশ ঘৰতে বহি দেখা পোৱা যায় বুলি পৰিয়ালটোৱে আক্ষেপেৰে জনায়। পৰিয়ালটোৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ পূৰ্বে চৰকাৰী গৃহ আঁচনিৰ সুবিধা লাভৰ আশ্বাস দিয়া হৈছিল যদিও আজিলৈকে তেওঁলোকে কোনো সহায় লাভ কৰা নাই। ফলত বছৰ বছৰ ধৰি এটা সুৰক্ষিত ঘৰ লাভৰ আশাত অপেক্ষা কৰি আছে এই দৰিদ্ৰ পৰিয়ালটো। ইফালে, একে গাঁৱৰ আন এজন দৰিদ্ৰ বাসিন্দা সোমেশ্বৰ নাথৰ পৰিয়ালৰ অৱস্থাও সমানে শোচনীয়। স্বামী-স্ত্ৰীয়ে বাস কৰা ঘৰটোও জৰাজীৰ্ণ আৰু বসবাসৰ অনুপযোগী হৈ পৰিছে। যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই তেওঁলোকক আতংকিত কৰি ৰাখিছে।

দৰিদ্ৰ লোকসকলৰ জীৱনমান উন্নয়নৰ লক্ষ্যৰে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ হৈ থকাৰ সময়তে কাছমাৰীৰ এই দুটা পৰিয়ালৰ দুৰৱস্থাই বহু প্ৰশ্নৰ জন্ম দিছে। স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে যে, এই পৰিয়ালসমূহৰ সমস্যাৰ প্ৰতি সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিসকলে গুৰুত্ব আৰোপ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব।

বিশেষকৈ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় হৈ তেওঁলোকক চৰকাৰী গৃহ আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ বিধায়ক মেহবুব মুক্তাৰৰ তৎপৰতাত স্থায়ী গৃহ নিৰ্মাণৰ দিশে মহাত্মা গান্ধীৰ পত্নীৰ নামত নিৰ্মিত বিদ্যালয়ৰ


Advertisement