ছাইফুল ইছলাম, মৰিগাঁওঃ এশিঙীয়া গড়ঁৰ মুক্ত বিচৰণভূমি পবিতৰাত সন্মিলিত হ’ল বিশ্বৰ বিভিন্ন দেশত প্ৰতিষ্ঠিত প্ৰায় এশ প্ৰৱাসী অসমীয়া (Pobitora Wildlife Sanctuary Assamese Diaspora)। দেওবাৰে পবিতৰা অভয়াৰণ্যৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে এক সন্মিলনতো অংশগ্ৰহণ কৰে প্ৰৱাসী অসমীয়াই।
বিশ্বৰ কুৰি খনতকৈও অধিক দেশত কৰ্মৰত চাৰি কুৰিৰো অধিক প্ৰৱাসী অসমীয়াই দেওবাৰে মায়ং আৰু এটা খৰ্গ যুক্ত গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ মনোমোহা পৰিৱেশ উপভোগ কৰি অভিভুত হৈ পৰে (Pobitora Wildlife Sanctuary)। বিশ্বৰ কেবাখনো দেশৰ পৰা নিজৰ জন্ম ভূমিলৈ আহি দেওবাৰে পুৱাৰ ভাগতেই উপস্থিত হয় মায়ঙৰ পবিতৰাত।
প্ৰথমে পবিতৰাৰ তামুলীডোভা এলেকাত উপস্থিত হৈ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ কোলাহল আৰু নিচেই কাষৰ পৰা গঁড়ৰ মুক্ত বিচৰন উপভোগ কৰে। গ্লোবেল অসমীয়া ফাউণ্ডেশ্যন নামৰ সংগঠনটোৰ আমেৰিকাত কৰ্মৰত ড° জয়ন্ত বিশ্ব শৰ্মা আৰু যুক্তৰাজ্যস্থিত ড° জগন্নাথ বিশ্বকৰ্মাৰ নেতৃত্বত অহা দলটোৱে প্ৰথম বিশ্ব অসমীয়া সন্মিলন ২০২৬ ৰ অংশ হিচাপে পবিতৰাৰ নিকটৱৰ্তী তিনি তাৰকা যুক্ত হোটেল মিষ্টিক মায়ঙত আয়োজন কৰে পক্ষী পৰ্যবেক্ষন শীৰ্ষক এটি শিৱিৰ (Bird Tourism in Assam)।

উক্ত শিবিৰত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰীয়েও অংশগ্ৰহণ কৰি প্ৰৱাসী অসমীয়া সকলক উষ্ম আদৰনি জনায়।
উল্লেখযোগ্য যে প্ৰৱাসী অসমীয়া সকলৰ দ্বাৰা গঠিত “Wings of Assam” শীৰ্ষক অনুষ্ঠানৰ দ্বাৰা এই পক্ষী পৰ্যবেক্ষন শিবিৰটোৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে। ইয়াৰ লক্ষ্য হ’ল “অসমত পক্ষী বৈচিত্ৰ্য আৰু পক্ষী পৰ্যটনৰ সম্ভাৱনা” প্ৰচাৰ কৰা।অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ’ল প্ৰবাসী অসমীয়াসকলৰ আবেগ, জ্ঞান আৰু অভিজ্ঞতাক অসমৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা।
বিশেষকৈ অসমৰ পৰ্যটন খণ্ডত গুৰুত্ব আৰোপ কৰি ,এই ক্ষেত্ৰখন আগুৱাই লৈ যোৱা আৰু বিশ্ব দৰবাৰত অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱা। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৫০ গৰাকী প্ৰৱাসী অসমীয়া প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। তাৰ পিছতেই একাংশ প্ৰৱাসী অসমীয়াই মায়ং গ্ৰাম্য সংগ্ৰাহলয়টো পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে।
