নগাঁও: নগাঁও জিলাৰ ধিঙত নিৰ্বাচনী কৰ্তব্য পালন কৰি থকা অৱস্থাতে ৬ এপ্ৰিলৰ নিশা আকস্মিক অসুস্থতাৰ বাবে মৃত্যুক সাৱটি লোৱা জাগীৰোডৰ নিবাসী চি.আৰ.পি.এফ.ৰ হেড কনিষ্টবল চন্দন ৰায় (৪১)ৰ প্ৰতি নগাঁও প্ৰশাসনৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় (Police Duty Death Assam)।
নগাঁও আৰক্ষী নিৱেশত আয়োজিত এটি অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উপস্থিত থাকি বীৰ জোৱানজনৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস প্ৰমুখ্যে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ায়ো শ্ৰদ্ধাঞ্জলি জনায়।
তেখেতৰ প্ৰতি সন্মান জনাই নগাঁও আৰক্ষীৰ তৰফৰ পৰা ‘গাৰ্ড অৱ অনাৰ’ আৰু চালামী প্ৰদান কৰা হয়।
অনুষ্ঠানত দেশৰ প্ৰতি আগবঢ়োৱা তেখেতৰ উৎসৰ্গিত সেৱা, ত্যাগ আৰু চৰম কৰ্তব্যনিষ্ঠাক জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
লগতে পঢ়কঃ ঘৰে ঘৰে গৈ ভোটগ্ৰহণত নগাঁও ৰাজ্যৰ ভিতৰত শীৰ্ষত

