Polling Staff Randomization Completed in Nagaon in Presence of 7 Election Observersনগাঁৱত ৭ নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন

নগাঁও: বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাখনত নিৰ্বাচনী দায়িত্বত নিয়োজিত হ’বলগীয়া পুলিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াটো কম্পিউটাৰাইজড পদ্ধতিৰে অত্যন্ত স্বচ্ছতাৰে সম্পন্ন কৰা হয়। এই বিশেষ প্ৰক্ৰিয়াটোৰ গুৰুত্ব উপলব্ধি কৰি আয়োগৰ দ্বাৰা জিলাখনত নিয়োজিত পৰ্যবেক্ষকসকলো সভাত উপস্থিত থাকে (Polling Staff Randomization Nagaon)।

ইয়াৰ ভিতৰত সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োজিত ২০১১ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া উমাশংকৰ ভাৰ্গৱ, ২০১২ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰসাদ আই. আৰু ২০১১ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অৰুণাচল প্ৰদেশ চৰকাৰৰ সচিব আবু টায়েং উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচীৰ তদাৰক কৰে। ​নিৰ্বাচনী ব্যয়ৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ বাবে নিযুক্তি পোৱা ব্যয় পৰ্যবেক্ষক ক্ৰমে ২০০৮ বৰ্ষৰ আইআৰএছ বিষয়া টি. ৰামলিংগম, ২০১৪ বৰ্ষৰ  আইআৰএছ বিষয়া উণ্ডে যোগেশ পাণ্ডুৰাং আৰু ২০১৬ বৰ্ষৰ আইআৰএছ বিষয়া অশোক চৰণৰ উপৰিও নিৰাপত্তা ব্যৱস্থাৰ তদাৰকৰ বাবে নিয়োজিত ২০০৮ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা আৰক্ষী পৰ্যবেক্ষক (Police Observer) জি. শিৱকুমাৰৰ উপস্থিতিয়ে সমগ্ৰ যাদৃচ্ছিকীকৰণৰ প্ৰক্ৰিয়াটোক অধিক মৰ্যাদাপূৰ্ণ কৰি তোলে।

জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই ৰেণ্ডমাইজেশ্যনত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱা আৰু ৰহা সম-জিলাৰ আয়ুক্ত ড৹ অংকিতা বৰা প্ৰমুখ্যে অতিৰিক্ত জিলা আয়ুক্তসকল উপস্থিত থাকে। ইয়াৰ পিছতে অনুষ্ঠিত আন এখন অনানুষ্ঠানিক সভাত নিৰ্বাচন পৰ্যবেক্ষক সকলে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতেও বাৰ্তালাপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিক এই নিৰ্বাচনটো ভাতৃত্ব সুলভ মনোভাবেৰে অৱতীৰ্ণ হৈ জিলাখনত শান্তি শৃংখলা বজাই ৰখাত পূৰ্ণ সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।

লগতে পঢ়কঃ নগাঁৱৰ কোন সমষ্টিৰ কাৰ কাৰ মনোনয়ন বৈধ হ’ল?


Advertisement