Postal Ballot Voting Begins in Nagaon with Door-to-Door Facility for Elderly and PwD Votersনগাঁৱত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া

নগাঁওঃ নগাঁও জিলাত বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া (Home Voting Nagaon)। ৮০ ৰ উৰ্ধৰ তথা বিশেষভাৱে সক্ষম লোকক ভোটদানৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাৰ অংশ হিচাপে ঘৰে ঘৰে ভোটগ্ৰহণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে।

নগাঁৱত ঘৰে ঘৰে ভোটগ্ৰহণৰ বাবে সাজু

জিলাখনৰ মুঠ চাৰি হাজাৰ বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম নাগৰিকৰ ভোটগ্ৰহনৰ বাবে বৃহস্পতিবাৰে পুৱাই ঘৰে ঘৰে প্ৰেৰণ কৰে বিষয়া কৰ্মচাৰীৰ দল। চাৰি হাজাৰ ভোটগ্ৰহণৰ বাবে নগাঁও জিলাত মুঠ ৯৫ টা দল নিয়োগ কৰা হৈছে। প্ৰতিটো দলতেই ছয়জনীয়া বিষয়া, কৰ্মচাৰী নিয়োগ কৰাৰ উপৰিও প্ৰতিটো দলৰ সৈতে নিয়োগ কৰা হৈছে নিৰাপত্তাৰৰক্ষী। বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ নেহৰুৱালীত উপস্থিত হৈ তদাৰক কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

নগাঁৱত ঘৰে ঘৰে ভোটগ্ৰহণ

লগতে ঘৰে ঘৰে ভোটগ্ৰহনৰ বাবে ৰাওনা হোৱা বিষয়া কৰ্মচাৰীৰ দলটোক পুৱাই হাতে হাতে দুপৰীয়াৰ আহাৰৰ খাদ্যৰ টোপোলা, পানীৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ভোটগ্ৰহণৰ দল প্ৰেৰণ কৰে। উৎসাহিত কৰাৰ উদ্দেশ্যে বিষয়া, কৰ্মচাৰীক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে জিলা আয়ুক্তগৰাকীয়ে।

নগাঁৱত ঘৰে ঘৰে ভোটগ্ৰহণ

লগতে পঢ়কঃ শংকামুক্ত হৈ মুক্তমনে পছন্দৰ প্ৰাৰ্থীক ভোটদানৰ আহ্বান নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ


Advertisement