Rabha Divas Nagaon: Nagaon District Administration Pays Tribute to Bishnu Prasad Rabhaবিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি

নগাঁও: অসমীয়া সংস্কৃতিৰ পূজাৰী, বিপ্লৱী শিল্পী ‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ পুণ্যতিথিত মহান শিল্পীগৰাকীক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় (Rabha Divas Nagaon)। এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব দীপক জিদুং, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, প্ৰমুখ্যে জিলা প্ৰশাসনৰ বহুসংখ্যক জ্যেষ্ঠ প্ৰশাসনিক বিষয়া তথা কৰ্মচাৰী উপস্থিত থাকে।

অনুষ্ঠানত সকলোৱে মহান মনিষীগৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ অমূল্য কালজয়ী অৱদানসমূহ শ্ৰদ্ধাৰে স্মৰণ কৰে। ইফালে সন্ধিয়া জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ জুবিন ক্ষেত্ৰতো এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সাঙ্গীতিক অনুষ্ঠানত নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।

লগতে পঢ়কঃ দ্বিতীয় দিনা নগাঁও চহৰত জনকল্যান শিবিৰত ব্যাপক জনসমাগম


Advertisement