ৰহাঃ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ৰহাৰ মীন মহাবিদ্যালয়ৰ( ফেকালটি অৱ ফিচাৰী কলেজ) ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত নিমন্ত্ৰিত বিশিষ্ট অতিথি সকলৰ উপৰিও মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী, শিক্ষা গুৰু আৰু কৰ্মচাৰীসকল উপস্থিত থাকে (Raha Fishery College Foundation Day)।
অসম আন্দোলনৰ পাছত গঠন হোৱা অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দিনতেই ১৯৮৮ চনৰ ৭ মাৰ্চত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মীন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপালৰ আয়ুক্ত সচিব , ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া মীনাক্ষী সুন্দৰম আৰু অসম পশুপালন আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতাই ।
মীন মহাবিদ্যালয়খনৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে মীন মহাবিদ্যালয়ৰ উন্নয়ন কাৰ্যপ্ৰণালীৰ বিষয়ে এক ডকুমেণ্টৰীৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ডীন ডঃ প্ৰদীপ চন্দ্ৰ ভূঞাই । তাৰ পিছতেই মহাবিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ উপ সঞ্চালক ডঃ ৰাজদ্বীপ দত্তই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ ৩৮ বছৰৰ পৰিক্ৰমা যাত্ৰাৰ ওপৰত এক ভাষণ আগবঢ়ায় ।
ৰাজ্যপালৰ ৰাজভৱনৰ সচিব মীনাক্ষী সুন্দৰমে তেওঁৰ ভাষণত মহাবিদ্যালয়খনত এ আই টেকনলজিৰ ওপৰত এক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ মহাবিদ্যালয়খনৰ শিক্ষক সমাজক পৰামৰ্শ আগবঢ়ায় । তেওঁ কয়,” বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এই আই বহুল প্ৰয়োগৰ ফলত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এ আই টেকনলজি ব্যৱহাৰ কৰিব জানিব লাগিব। এই আই ব্যৱহাৰ কৰিব জানিলেহে আজিকালি প্ৰকৃত শিক্ষিত ব্যক্তি বুলি সমাজত স্বীকৃতি লাভ কৰিব। অন্যথা এজন ছাত্ৰ বা ছাত্ৰীক প্ৰকৃততে শিক্ষিত বুলি বিদ্বান সমাজে স্বীকৃতি নিদিব।” অন্যহাতে ভাৰত চৰকাৰেও বৰ্তমান এই আই টেকনলজি শিক্ষা আজিৰ শিক্ষা ব্যৱস্থাত প্ৰয়োজনীয় বুলি এই শিক্ষাৰ বহুল প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁৰ ভাষণত উল্লেখ কৰে।
সভাত ভাষণ দি মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতাই কয়,” ৰহা মীন মহাবিদ্যালয়ে সদায় ছাত্ৰ ছাত্ৰী সকলৰ গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাটো সঁচাকৈয়ে এক প্ৰশংসনীয় কাৰ্য । শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ব্যক্তিত্ব বিকাশ আৰু সমাজ হিতৈষী কাম কৰি সমাজ গঠনতো আগুৱাই আহিব লাগে তেতিয়াহে শিক্ষা গ্ৰহণৰ প্ৰকৃত উদ্দেশ্য সফল হয়।” ভৱিষ্যতে মীন মহাবিদ্যালয়খন আৰু অত্যাধুনিক ৰূপত গঢ় দিয়া আৰু এ আই প্ৰযুক্তিৰ ওপৰত পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সম্পৰ্কেও চিন্তা চৰ্চা কৰি থকা হৈছে বুলি তেওঁ সভাত প্ৰকাশ কৰে ।
এই বছৰ মীন মহাবিদ্যালয়ৰ প্ৰায় ৫৯ জন ছাত্ৰ-ছাত্ৰীয়ে জিলা মীন উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰাটো মহাবিদ্যালয়খনৰ লগতে সকলোৰে বাবে এক গৌৰৱৰ বিষয় বুলি তেওঁ উল্লেখ কৰে ।
এই সভাৰ লগত সংগতি ৰাখি মীন মহাবিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহত বিভিন্ন শিতানত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলকো সম্বৰ্ধনা আৰু পুৰস্কাৰেৰে সন্মানিত কৰা হয়।
লগতে পঢ়কঃ নগাঁও জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখন সম্পন্ন

