Is Rezaul Karim Himanta’s Agent? Assam Congress Faces Internal Turmoil আমছু ত্যাগী ন কংগ্ৰেছী ৰেজাউল কৰিম সঁচাকৈ হিমন্তৰ এজেন্ট নেকি ?

গুৱাহাটীঃ কংগ্ৰেছ দলত যোগদান কৰিয়েই বিতৰ্কিত মন্তব্যৰে ৰাজ্য তোলপাৰ লগাই দিয়া আমছু ত্যাগী কংগ্ৰেছ নেতা ৰেজাউল কৰিম চৰকাৰক লৈ মুঠেই সন্তুষ্ট নহয় নেকি কংগ্ৰেছৰেই এটা মহল (Rezaul Karim Himanta Agent) ? শেহতীয়াকৈ ধুবুৰী, শিৱসাগৰক একাকাৰ কৰি দিয়াৰ মন্তব্য কৰি ৰেজাউল কৰিম চৰকাৰে সৃষ্টি কৰা বিতৰ্কৰ পাছতেই ন কংগ্ৰেছ নেতাগৰাকীক লৈ ৰাজ্যৰ ৰাজনীতিত উত্থাপন হৈছে ন ন প্ৰশ্নৰ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিয়েই দিয়া পাথমটো ভাষণতেই বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ৰাজাউল কৰিম চৰকাৰে (Rezaul Karim controversy)। ৰেজাউল কৰিমৰ এটা বিতৰ্কিত মন্তব্যৰ পাছতেই বিশেষকৈ উজনি অসম প্ৰতিবাদমুখৰ হৈ পৰিছে।

উজনি অসমত ন কংগ্ৰেছী নেতা ৰেজাউল কৰিমৰ মন্তব্যৰ বিৰুদ্ধে একাধিক দল সংগঠন গৰজি উঠাৰ পাছতেই দলীয় কৰ্তৃপক্ষৰ হেঁচাত ক্ষমা খুজিবলৈ বাধ্য হৈছিল ৰেজাউল কৰিম চৰকাৰে (AMSU politics)।

ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যক লৈ সমগ্ৰ উজনি অসম একপ্ৰকাৰ উত্তাল হৈ পৰাৰ পাছত ন কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰে কংগ্ৰেছ দলৰ বিধায়িনী দলৰ খোদ দলপতি দেৱব্ৰত শইকীয়াই।

নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰিয়েই বিতৰ্কৰ সূচনা কৰা ৰেজাউল কৰিম চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আখ্যা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Himanta Sarma agent allegation)।

এই সন্দৰ্ভৰ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত কয়, “ ৰেজাউল কৰিমে কিবা এটা কলে বুলিয়েই তেওঁক মই ‘HERO’ বনোৱাৰ মানসিকতা নাই। তেওঁ কেতিয়াও কংগ্ৰেছৰ HERO হ’ব নোৱাৰে। কংগ্ৰেছৰ যি নীতি আদৰ্শ সেয়া অসম কংগ্ৰেছৰ সংকট কালত অসম কংগ্ৰেছৰ নেতৃত্ব লোৱা মহম্মদ তৈয়ব উল্লাৰ নীতিৰে হ’ব পাৰে। বিভাজনকামী নেতাৰ নীতি নচলে কংগ্ৰেছত। ৰেজাউল কৰিম চৰকাৰক গুৰুত্ব দিব নিবিচাৰোঁ। মুখ্যমন্ত্ৰীৰ সৈতে ভাল সম্পৰ্ক ৰেজাউল কৰিমৰ। কংগ্ৰেছত এজেন্ট থকা বুলি কয় মুখ্যমন্ত্ৰীয়ে। হয়তো পুৰণি এজেন্ট শেষ হোৱাত এতিয়া নতুন এজেন্ট হিচাপে তেওঁক পঠিয়াইছে। ৰেজাউল কৰিমে পূৰ্বেও কংগ্ৰেছৰ বিৰুদ্ধেই কথা কৈছিল।”

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্যই যদি সঁচা তেন্তে ৰেজাউল কৰিমক কংগ্ৰেছলৈ কোনে জনাইছিল আদৰণি ? এফালে আদৰণি আনফালে আমছু ত্যাগী নেতাজনক মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি খোদ কংগ্ৰেছ নেতাই কৰা মন্তব্যই পুনৰ কংগ্ৰেছত থকা ভিতৰুৱা সংঘাতেই স্পষ্ট কৰিছে নেকি? এইসমূহ বিষয় এতিয়া ব্যাপক চর্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনীতিত (Assam Congress internal conflict)।

লগতে পঢ়কঃ কংগ্ৰেছৰ দুই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ সংঘাতত উত্তাল মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়


Advertisement