Road Accident in Nagaon Barghat: 11 Passengers Injured After Traveller Overturnsনগাঁও বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁওঃ নগাঁও জিলাৰ মৌখাটি অঞ্চলত বাইপাছত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident in Nagaon Barghat)। গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত অন্ততঃ ১১ গৰাকী যাত্ৰী আহত হোৱা বুলি প্ৰাথমিক সূত্ৰে প্ৰকাশ পাইছে।

কেনেকৈ ঘটিল দুৰ্ঘটনা?

চাক্ষুষ সাক্ষীৰ তথ্য অনুসৰি, AS01SC 4640 নম্বৰৰ ট্ৰেভেলাৰখন দ্ৰুত বেগেৰে গৈ আছিল। বৰঘাট বাইপাছ ওচৰত আহি গাড়ীখনৰ চালকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায়। ফলত গাড়ীখন পথৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় লোকসকল তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়।

উদ্ধাৰ অভিযান আৰু চিকিৎসাঃ

দুৰ্ঘটনাৰ লগে লগে স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। পিছত বৰঘাট আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক গাড়ীৰ ভিতৰৰ পৰা উলিয়াই নগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। আহতসকলৰ মাজত কেইজনমানৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে যদিও অধিকাংশেই বিপদমুক্ত বুলি চিকিৎসালয় সূত্ৰে প্ৰকাশ।

স্থানীয় সূত্ৰে জানিব পৰা মতে গাড়ীখন দ্ৰুতগতিত অহাৰ বাবেই পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত সেই স্থানত কিছু সময়ৰ বাবে যানবাহন ব্যয়হতহৈ পৰে যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়কঃ Nagaon road accident : বছৰৰ অন্তিমটো দিনত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ১১ গৰাকী লোক


Advertisement