Royal Bengal Tiger Alert Creates Panic in Kaliabor, Nagaon DC Visits Spotকলিয়াবৰত বাঘৰ আতংক, ঘটনাস্থলীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

নগাঁও: কলিয়াবৰ সম-জিলাৰ অন্তৰ্গত শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা দুটাকৈ ঢেঁকীয়াপতীয়া বাঘ (ৰয়েল বেংগল টাইগাৰ) জনাঞ্চললৈ ওলাই অহাৰ ঘটনাই সম্প্ৰতি কামাখ্যা গাঁও, সোণাৰী গাঁও আৰু কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ওচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বাঘ দুটাৰো সুৰক্ষাৰ স্বাৰ্থত বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যেই সেই অঞ্চলসমূহত বনকৰ্মী মোতায়েন কৰা হৈছে (Royal Bengal Tiger Alert)। এই ঘটনাৰ খবৰ পায়ে কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উক্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

পৰিদৰ্শনকালত জিলা আয়ুক্ত তাত উপস্থিত থকা বন বিভাগৰ কৰ্মচাৰী আৰু সুৰক্ষাবাহিনীৰ সৈতে মত-বিনিময় কৰি যাৱতীয় দিশসমূহ পৰ্যালোচনা কৰে। উক্ত সময়ছোৱাত কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাৰ লগতে বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। জিলা আয়ুক্তৰ পৰামৰ্শ ক্ৰমে সম-জিলা আয়ুক্ত‌ই মানুহৰ জীৱনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে উক্ত স্থানত মানুহৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ।

সেই অনুসৰি কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা গাঁও/সোনাৰি গাঁও আৰু ইয়াৰ আশে-পাশে থকা চাহ বাগিচা এলেকা অৰ্থাৎ কলিয়াবৰ চাহ বাগিচাৰ ২ নং বাগান, নগা পথাৰ আদিৰ লগতে ত্ৰিশুলধাৰী মন্দিৰ পথৰ পৰা শিলঘাট মৰাপাট মিললৈ নতুন পি ডব্লিউ ডি পথত আবেলি ২ বজাৰ পৰা পিছদিনা পুৱা ৯ বজালৈ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। অৱশ্যে কৰ্তব্যৰত চৰকাৰী বিষয়া -কৰ্মচাৰীক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। কলিয়াবৰ সম-জিলা আয়ুক্ত ৰাজ বৰুৱাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

লগতে পঢ়কঃ কলিয়াবৰত বাঘৰ বিচৰণক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা


Advertisement