নগাঁওঃ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি এক অনন্য দৃষ্টান্ত দাঙি ধৰিলে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই (Sattriya attire Nagaon DC)। উৎসৱ-পাৰ্বণকে ধৰি দৈনন্দিন জীৱনতো নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ মতুন প্ৰজন্মকো আহ্বান জনায় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

ইতিহাসপ্ৰসিদ্ধ জুৰীয়াৰ তেলিয়াবেবেজীয়াৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ মূল তোৰণ শুভ উদ্বোধন কৰি মন্দিৰ প্ৰাঙ্গণতে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই (Nagaon DC Devashish Sharma)। নগাঁও জিলাৰ জুৰীয়াৰ তেলিয়াবেবেজীয়াৰ ঐতিহাসিক বাৰগঞা গাঁৱৰ ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত অনুষ্ঠিত এক ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে, অসমীয়া পৰম্পৰা আৰু সংস্কৃতি আমাৰ শিপা, আৰু এই শিপা যিমানেই শক্তিশালী হ’ব সিমানেই সমাজখনো শক্তিশালী হৈ উঠিব (Assamese Sattriya culture)।

নতুন প্ৰজন্মক নিজৰ ভাষা, সাজ-পোছাক আৰু সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ সকলোৰে সমূহ দায়িত্ব আছে বুলিও তেওঁ উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে আৰু কয়, জুৰীয়াৰ এই শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ কেৱল এটা ধৰ্মীয় উপাসনা স্থলীয়েই নহয়, বৰঞ্চ ই জুৰীয়া অঞ্চলৰ বাৰগঞা ৰাইজৰ ঐক্য আৰু সমন্বয়ৰ এক কেন্দ্ৰবিন্দু (Juria Sankardev Temple)।
শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ ভাগৰ মূল তোৰণখন মহাভাৰতৰ কৃষ্ণ-অৰ্জুনৰ ৰথৰ আৰ্হিত ভাস্কৰ্য শিল্পীৰ দ্বাৰা নিখুঁতভাৱে নিৰ্মাণ কৰা হৈছে। এই তোৰণ ভাগে ধৰ্মীয় বিশ্বাসৰ লগতে ভাৰতীয় পুৰাণ, শিল্পকলাৰ সৌন্দৰ্য আৰু ঐতিহ্যকো সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। তোৰণ ভাগ উন্মোচনৰ সময়ত উপস্থিত ৰাইজে এই শিল্পকলা দেখি আপ্লুত হৈ পৰে।

অনুষ্ঠানত উপস্থিত গাঁওবাসী আৰু ভক্তসকলক সম্বোধন কৰি জিলা আয়ুক্ত গৰাকীয়ে কয় যে, এই ধৰণৰ উমৈহতীয়া প্ৰচেষ্টাই সমাজত ঐক্য, ভাতৃত্ববোধ আৰু সাংস্কৃতিক চেতনাক অধিক শক্তিশালী কৰি তোলে (Assamese traditional attire)। তেওঁ বাৰগঞা গাঁৱৰ ৰাইজক এই ঐতিহাসিক মন্দিৰখন সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে অসমীয়া কথাছবি জগতত এন্টনী মোৰ নাম, শকুন্তলা শংকৰ আৰু যোছেফ আলী আদিকে ধৰি ৫ খনকৈ ছবি নিৰ্মানেৰে সংস্কৃতি জগত খন চহকী কৰি থৈ যোৱা জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মহীকান্ত শইকীয়া আৰু প্ৰয়াত ধৰ্ম কান্ত শইকীয়াৰ পৰিয়ালৰ হৈ দিব্যজ্যোতি শইকীয়াই আগবঢ়োৱা প্ৰায় ৫লক্ষাধিক টকাৰ ব্যয়ৰে তোৰণ ভাগ নিৰ্মাণ কৰা হয়।
উক্ত অনুষ্ঠানত সমাজকৰ্মী স্থানীয় গণ্যমান্য ব্যক্তি, মন্দিৰ পৰিচালনা সমিতিৰ সদস্য, শিল্পী, ভক্তবৃন্দ আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে।
লগতে পঢ়কঃ নগাঁৱত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ’ ৰ সফল সামৰণী
