District-Level SBC for Disaster Risk Reduction Workshop Held in Nagaonনগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কৰ্মশালা

নগাঁও: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ উদ্যোগত আৰু নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA)-ৰ সহযোগত বুধবাৰে নগাঁও লায়ন্স ক্লাবত “Social and Behaviour Change (SBC) for Disaster Risk Reduction (DRR)” বিষয়ক এখন জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় (SBC for Disaster Risk Reduction)।

দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সচেতনতা বৃদ্ধি, সঠিক আচৰণ গঢ়ি তোলা আৰু সমাজভিত্তিক প্ৰস্তুতি শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, স্বেচ্ছাসেৱক, সমাজকৰ্মী তথা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত সভাপতিত্ব কৰি সহকাৰী আয়ুক্ত মন্দিৰা বুঢ়াগোহাঁইয়ে কয় যে, দুৰ্যোগৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাত কেৱল চৰকাৰী ব্যৱস্থাই যথেষ্ট নহয়; জনসাধাৰণৰ সচেতনতা, ইতিবাচক আচৰণ আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণো সমানেই গুৰুত্বপূৰ্ণ। সামাজিক আৰু আচৰণগত পৰিৱৰ্তনৰ জৰিয়তে দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ লগতে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। কাৰ্যসূচীত দুৰ্যোগৰ পূৰ্ব প্ৰস্তুতি, সতৰ্কবাণী ব্যৱস্থাৰ ব্যৱহাৰ, বান, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতা আৰু সমাজভিত্তিক দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সম্পৰ্কে বিশদ আলোচনা কৰা হয়।

এই কৰ্মশালা কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে লাভ কৰা জ্ঞান আৰু অভিজ্ঞতা নিজ নিজ অঞ্চলত প্ৰচাৰ কৰি অধিক সচেতন আৰু দুৰ্যোগ-সহনশীল সমাজ গঢ়ি তোলাত সহায়ক হ’ব বুলি আশাবাদী নগাঁও জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বিষয়া বিজয়ান্ত গোস্বামীয়ে।

লগতে পঢ়কঃ নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ উদ্বোধন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ


Advertisement