Shikha Sarma Arrest after FIR over controversial posts against Zubeen Gargদুদিনৰ আৰক্ষীৰ জিম্মালৈ গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত শিখা শৰ্মা

গুৱাহাটীঃ বিতৰ্কিত শিখা শৰ্মা পুনৰ পৰিল বিপদত। এইবাৰ জুবিন গাৰ্গৰ লগতে পৰিয়ালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি আৰক্ষীৰ জালত পৰিল শিখা শৰ্মা (Shikha Sarma Arrest)। শিখা শৰ্মা নামৰ বিতৰ্কিত মহিলা গৰাকীৰ বিৰুদ্ধে সোমবাৰে গৰিমা শইকীয়া গাৰ্গে দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ অপৰাধ শাখাত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

কোন এই শিখা শৰ্মাঃ

শিখা শৰ্মা এগৰাকী বিতৰ্কিত মহিলা। সামাজিক মাধ্যমত সক্ৰিয় এই মহিলা গৰাকীয়ে নিজকে গায়িকা আৰু লেখিকা বুলি পৰিচয় দিয়ে । এসময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰাৰ লগতে সেই সময়ত তেওঁৰ বিৰুদ্ধে অমাৰ্জিত মন্তব্যও কৰিছিল শিখা শৰ্মাই। আনকি ‘বিবেকহীন মানুহ এসোপাৰ সমৰ্থনত হিমন্তই গুৰু গোঁসাই নামানি অসমত নিজৰ আধিপত্য বিস্তাৰ কৰিছে’ বুলিও উল্লেখ কৰিছিল।

সেই সময়ত শৰ্মাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখহৈ পৰিছিল। তেওঁ উল্লেখ কৰিছিল, “বদৰুদ্দিন আজমল এজন প্ৰকৃত ইছলাম।..যি কেৱল।নিজক সক্ষম কৰাতেই ক্ষান্ত থকা নাই। বৰঞ্চ লাখ লাখ লোকৰ মুখত আশাৰ পোহৰ চটিয়াইছে।”

কিন্তু সাপে মোট সলোৱাৰ দৰে স্থিতি সলনি কৰি শিখা শৰ্মাই শেহতীয়াকৈ মুছলমান লোক সকলৰ বিৰুদ্ধে সামাজিক মাধ্যমত অমাৰ্জিত ভাষা ব্যৱহাৰ কৰি সমালোচনা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখহৈ পৰিছে। এসময়ত সমালোচনা কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান শিখা শৰ্মাৰ দৃষ্টিত একবিংশ শতিকাৰ অৰ্জুন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৃষ্ণ। তেওঁলোকৰ কৃপাত অসমৰ উন্নয়নৰ এতিয়া ৰথ আকাশৰ দিশে।

জুবিন গাৰ্গৰ বিৰুদ্ধে অশালীন মন্তব্য শিখা শৰ্মাৰ

সামাজিক মাধ্যমত প্ৰায়েই জুবিন গাৰ্গৰ বিৰুদ্ধে নান অপপ্ৰচাৰ চলোৱা এইগৰাকী শিখা শৰ্মাই জনতাৰ শিল্পী জুবিন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি সামাজিক মাধ্যমত কৰিছিল প’ষ্ট। শিখা শৰ্মাই আনকি জুবিন গাৰ্গক নিষিদ্ধ কৰাৰো দাবী জনাইছিল। তেওঁ জুবিন গাৰ্গৰ পৰিয়ালক কটু বাক্যৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অসম আৰক্ষীৰ অপৰাধ শাখাত বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।

এজাহাৰ দাখিলৰ পিচত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া

শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিচত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে । তেওঁ সংবাদ মাধ্যমক কয়, “জুবিনৰ দৰে এজন ব্যক্তিয়ে আমাক এৰি গৈছে। তেওঁৰ সত্বাটো কি অসমৰ সকলোৱে জানে। অসম, অসমীয়া তথা বিশ্বই জানে। জুবিন গাৰ্গে অসমৰ সমাজ, সংস্কৃতি বা নতুন প্ৰজন্মৰ বাবে কি দি থৈ গৈছে। সেইজন ব্যক্তিক অভব্য, অশালীন চৰিত্ৰ হনন কোনোবাই কৰিব পাৰে ভাবিবই নোৱাৰি।”

গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাক অসমৰ শত্ৰু আখ্যা দি কয়, “এই মহিলা গৰাকীয়ে অসমক, অসমীয়াক বা অসমীয়াৰ মানসিকতাক ভাল নাপায়। তেওঁ কেৱল জুবিন গাৰ্গকে নহয়, মোক, মোৰ ননদ পামী বৰঠাকুৰ, শহুৰ দেউতা যি সদ্য পুত্ৰহাৰা অসুস্থ ব্যক্তি এই সকলোৰে সম্পৰ্কত অশালীন মন্তব্য কৰিছে। সেয়ে আমি আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন বুলি ভাবিলো। তেওঁ সাম্প্ৰদায়িক মন্তব্যও কৰিছে। যি সমাজত আইন শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। তেওঁ এনে আচৰণ অসমৰ ৰাইজেও সহ্য কৰিব নোৱাৰে। জুবিন সকলোৰে হৃদয়ত আছে। জুবিন সকলোৰে আবেগ। এনেধৰণৰ ঘটনাই মূল গোচৰৰ পৰা যাতে আমাৰ মনোযোগ আতৰাই নিনিয়ে আমি দৃষ্টি ৰাখিব লাগিব।”

জুবিন গাৰ্গৰ হত্যাকাৰীক সমৰ্থন কৰা গৰাকী প্ৰকৃত অসমীয়া হব নোৱাৰে বুলি শিখা শৰ্মাক সমালোচনা কৰি তেওঁ লজ্জাবোধো নকৰে বুলি কয় গৰিমা শইকীয়া গাৰ্গে।

জুবিন ফেন ক্লাব, শিল্পী সমাজৰ এজাহাৰ দাখিল

বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন ফেন ক্লাবেও কামৰূপ মেট্ৰ জিলা জুবিন ফেন ক্লাবৰ সহযোগত এজাহাৰ দাখিল কৰিছে। তেওঁলোকে কিহৰ ভিত্তিত শৰ্মাই জুবিন গাৰ্গৰ বিৰুদ্ধে অমাৰ্জিত ব্যৱহাৰ কৰিছে সেই বিষয়ে প্ৰত্যাহ্বান জনাইছে। অসমৰ ২২ খন জিলাত জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিব।

ইয়াৰেপৰি জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাৰ বিৰুদ্ধে শিল্পী সমাজেও দাখিল কৰে এজাহাৰ।

বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই অসম আৰক্ষীৰ অপৰাধ শাখাই শিখা শৰ্মাক সোমবাৰে বিয়লিয়েই নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। সোমাবাৰেই গ্ৰেপ্তাৰ কৰাৰ পাছতেই আদালতত হাজিৰ কৰাই অধিক জেৰাৰ বাবে পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে।


Advertisement