Silghat Tambaram Express Engine Failure at Nagaon Rail Gate Causes Massive Traffic Jamসাময়িকভাৱে বিকল শিলঘাট-টাম্বাৰাম এক্সপ্ৰেছৰ ইঞ্জিন

নগাঁওঃ শিলঘাট–টাম্বাৰাম এক্সপ্ৰেছ ৰেলখন শুকুৰবাৰে সাময়িকভাৱে বিকল হৈ পৰাত নগাঁও চহৰত সৃষ্টি হয় তীব্ৰ যাতায়াত সমস্যাৰ (Silghat Tambaram Express engine failure)। নগাঁও চহৰৰ ব্যস্ততম এলেকা চিনাপট্টিত অৱস্থিত ৰেল ক্ৰছিং গেটত ৰেলখনৰ ইঞ্জিন বিকল হোৱাৰ ফলতেই ৰেলখন পথৰ ওপৰতেই ৰখাই দিবলৈ বাধ্য হয়। ৰেলখন দীৰ্ঘ সময় ধৰি ৰেল গেটত ৰখি থকাৰ বাবে গেটখন বন্ধ হৈ পৰে আৰু দুয়োপিনে বাহনৰ দীঘলীয়া শাৰী লাগে। ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়।

এই আকস্মিক ঘটনাৰ ফলত নগাঁও চহৰৰ মূল পথসমূহত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বিদ্যালয়-কলেজলৈ যোৱা শিক্ষাৰ্থী, কাৰ্যালয়লৈ যোৱা কৰ্মচাৰী তথা অত্যাৱশ্যকীয় কামত ওলাই অহা লোকসকল গুৰুতৰ অসুবিধাৰ সন্মুখীন হয়। বিশেষকৈ এম্বুলেঞ্চ আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহো পথত আবদ্ধ হৈ পৰাত স্থানীয় লোকৰ মাজত উদ্বেগ বৃদ্ধি পায়।

ঘটনাৰ খবৰ পাই ৰেলৱে বিভাগৰ কাৰিকৰী দল তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ ইঞ্জিন মেৰামতিৰ কাম আৰম্ভ কৰিছে।

ইপিনে, ৰেল গেইটৰ ওপৰতে ৰেলৰ ইঞ্জিন বিকল হৈ পৰাৰ খবৰ লাভ কৰাৰ পাছতেই কম সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে নগঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। লগতে যান জঁট নিয়ন্ত্ৰণৰ বাবেও নগিৰদেশ দিয়ে আৰক্ষীক।

ৰেলখনৰ ইঞ্জিন মেৰামতি অথৱা বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োদন হ’ব বুলিও ৰেল বিভাগে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ১৫৬৩০ নম্বৰৰ শিলঘাট-টাম্বাৰাম এক্সপ্ৰেছ ৰেলগাড়ীখন নগাঁও জিলাৰ শিলঘাটৰ পৰা চেন্নাইৰ টাম্বাৰামলৈ যাতায়ত কৰে। প্ৰতি শুকুৰবাৰে শিলঘাটৰ পৰা যোৱা এই ৰেলখন দেওবাৰে চেন্নাইৰ টাম্বাৰাম ৰেল ষ্টেচনত উপস্থিত হয়। পুনৰ সোমবাৰে ১৫৬২৯ নম্বৰৰ টাম্বাৰাম-শিলঘাট এক্সপ্ৰেছহৈ উভতি আহে আৰু বৃহস্পতিবাৰে শিলঘাটত উপস্থিত হয়। দ্ৰুতগামী এই ৰেলখনে ৬০ ঘন্টা ২০ মিনিটত ২৯৬৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এই ৰেলখনে অসমত ১১ টা ৰেলষ্টেচনত, বিহাৰত ২ টা ৰেল ষ্টেচনত, ঝাৰখণ্ডত ২ টা ৰেল ষ্টেচনত, পশ্চিম বংগত ১৭ টা ৰেল ষ্টেচনত, উৰিষ্যাত ৫ টা ৰেল ষ্টেচনত, অন্ধ্ৰ প্ৰদেশত ৬ টা ৰেল ষ্টেচনত আৰু তামিলনাডুত ২টা ৰেলষ্টেচন ৰখে। ৰেলখন ৰখোৱা অসমৰ ৰেল ষ্টেচন সমূহ হৈছে শিলঘাট, জখলাবন্ধা, নগাঁও, চাপৰমুখ, জাগীৰোড, গুৱাহাটী, কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম। বিহাৰৰ ৰেল ষ্টেচন সমূহ হৈছে কিষাণগঞ্জ আৰু বাৰচই। ঝাৰখণ্ডৰ ৰেলষ্টেচন হৈছে, টাটা নগৰ আৰু পাকুৰ।

পশ্চিম বংগৰ ৰেল ষ্টেচন সমূহ হৈছে হিজলী, পুৰুলিয়া, জয়চাণ্ডী পাহাৰ, বাৰ্ণপুৰ, আসানচোল জংচন, আণ্ডাল, দুৰ্গাপুৰ, সিউৰি, ৰামপুৰহাট জংচ, নিউ ফাৰাক্কা, মালদা টাউন, ডালখোলা, নিউ জলপাইগুড়ি (শিলিগুৰি),নিউ ময়নাগুৰি, ধূপগুৰি, নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ । উৰিষ্যাৰ ৰেল ষ্টেচন কেইটা হৈছে, বালাসোৰ, কটক, ভূৱনেশ্বৰ,খুৰ্দাৰোদ আৰু বঢ়মপুৰ। অন্ধ্ৰপ্ৰদেশৰ কেইটা হৈছে বিশ্বখাপট্টনম,ৰাজামুন্দ্ৰী, ইলুৰু, বিজয়বাড়া, অংগোল আৰু নেল্লোৰ। তামিলনাডুৰ ৰেলষ্টেচন কেইটা হৈছে চেন্নাই এগমুৰ আৰু টাম্বাৰাম।

লগতে পঢ়কঃ Elephant Train Accident Assam: ৩৫ কিলোমিটাৰ দূৰত্বত ৯ বছৰত ১৫ টা বন্যহস্তীৰ মৃত্যু


Advertisement