নগাঁও: ফাগুন আহিছে। বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ এই লগনত ধূলিয়ৰি বাটেৰে যেন এক ৰঙীন উন্মাদনা নামি আহিছে। চৌদিশে ধূলিৰ আস্তৰণ, অথচ তাৰ মাজতেই ফাগুনক আদৰিবলৈ ৰঙা দলিছা পাৰি দিছে আকাশমুখী শিমলুৱে। এই অনন্য প্ৰাকৃতিক শোভাক উদযাপন কৰিবলৈকে লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বুকুত আয়োজন কৰা হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান— ‘শিমলু উৎসৱ ২০২৬’ (Simolu Utsav 2026)।
এসময়ত এশিঙীয়া গঁড়ৰ চৰণীয়া পথাৰ হিচাপে খ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যই এতিয়া লাভ কৰিছে এক নতুন জীৱন। পুনৰুজ্জীৱিত হোৱা এই বন্যপ্ৰাণীৰ আশ্ৰয়স্থলীত শিমলু ফুলৰ ৰঙা আভাই এক নান্দনিক মাত্ৰা প্ৰদান কৰিছে। প্ৰকৃতিৰ এই স্বাভাৱিক সৌন্দৰ্যক মূলধন কৰিয়েই পৰ্যটকক আকৰ্ষণৰ এক অভিনৱ প্ৰয়াস কৰিছে বন বিভাগে।
Read more: অৰণ্যৰ দলিচাত ফাগুনৰ ৰঙীন নিমন্ত্ৰণ: লাওখোৱা-বুঢ়াচাপৰিত শিমলু উৎসৱ ২০২৬-ৰ বৰ্ণিল শুভাৰম্ভ।নগাঁও বন্যপ্ৰাণী সংমণ্ডল তথা অভয়াৰণ্য কৰ্তৃপক্ষৰ উদ্যোগত এইবেলি তৃতীয়বাৰৰ বাবে লাওখোৱা অভয়াৰণ্যত এই ব্যতিক্ৰমী উৎসৱটি উদযাপন কৰা হৈছে। কেৱল ফুলৰ সৌন্দৰ্যই নহয়, বৰঞ্চ ক্ৰীড়া আৰু প্ৰকৃতিৰ এক অপূৰ্ব সংযোগ ঘটাই উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে চাইক্লিং আৰু মাৰাথন দৌৰ প্ৰতিযোগিতাৰ। শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা এই উৎসৱে পৰ্যটকৰ বাবে লাওখোৱাৰ দুৱাৰ নতুনকৈ মুকলি কৰি দিছে।
শিমলু কেৱল এটা ঋতুৰেই পৰিচায়ক নহয়, ই যেন অভয়াৰণ্যখনৰ আশাৰ উজ্জ্বল ৰং। ধূলিময় পৰিৱেশৰ বিষণ্ণতাক নেওচি ৰঙা ফুলবোৰে যিদৰে আকাশ ধিয়াইছে, ঠিক তেনেদৰেই অভয়াৰণ্য কৰ্তৃপক্ষই একনিষ্ঠ প্ৰচেষ্টাৰে এই অঞ্চলটোক পুনৰ পৰ্যটনৰ মানচিত্ৰত জিলিকাই তুলিবলৈ প্ৰয়াস কৰিছে। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱৰ প্ৰতিটো ক্ষণতে ধৰা দিছে অৰণ্যৰ মাদকতা। চাইক্লিং আৰু মাৰাথনৰ জৰিয়তে একাংশই বনৰীয়া পথত নিজৰ সক্ষমতা পৰীক্ষা কৰিছে, আনহাতে আন একাংশই শিমলুৰ তলত থিয় হৈ ফাগুনৰ মাদকতা লৈছে। এই আয়োজন কেৱল এক উৎসৱ নহয়, এয়া লাওখোৱা আৰু বুঢ়াচাপৰিৰ গৌৰৱময় ইতিহাসক বৰ্তমানৰ সৈতে সংযোগ কৰাৰ এক সেঁতু।
লগতে পঢ়কঃ Jonbeel Mela Barter System: ঐতিহাসিক বিনিময় প্ৰথাৰে উজলি উঠিল জোনবিলৰ পাৰ
পবিতৰাৰ নান্দনিক দৃশ্য উপভোগ কৰি অভিভুত বিশ্বৰ কুৰিখনতকৈ অধিক দেশৰ চাৰি কুৰি প্ৰৱাসী অসমীয়া

