SR Process Nagaon: Chief Election Commissioner Praises Nagaon District Administrationনগাঁও জিলা প্ৰশাসনৰ কি কামৰ শলাগ ললে মুখ্য নিৰ্বাচন আয়ুক্তই

গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসুচীৰে অসমলৈ অহা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই বুধবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি সামৰে অসম ভ্ৰমণৰ কাৰ্যসূচী (SR Process Nagaon)। দুদিনীয়া কাৰ্যসূচী অনুসৰি মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তগৰাকীয়ে আগন্তক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ উদ্যেশ্যে ৰাজনৈতিক দলসমুহৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলা আয়ুক্তৰ সৈতে এক আলোচনাত মিলিত হয়।

জিলা আয়ুক্তৰ সৈতে হোৱা আলোচনাতেই দেশৰ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বিশেষ পাৰদৰ্শিতাৰ বাবে প্ৰশংসা কৰে নগাঁও জিলা প্ৰশাসন তথা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক। দেশৰ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলে ভোটাৰ বিশেষ পুনৰীক্ষণ অৰ্থাৎ SR প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ বিষয়ে অৱগত কৰাৰ পাছতেই নগাঁও জিলা প্ৰশাসনৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ শলাগ লয় দেশৰ নিৰ্বাচন আয়ুক্তই।

SR প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনৰ মুৰব্বী তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবেই জিলাখনত অন্যায়ভাৱে কৰ্তন অথৱা অন্তৰ্ভুক্তি হোৱা নাই এগৰাকীও ভোটাৰৰ নাম। অৱশ্যে নগাঁও জিলাখনত বহু জীৱিত ব্যক্তিক মৃত বুলি দাবী কৰি একাংশই অভিযোগ দাখিল কৰাক লৈ ব্যাপক চাঞ্চল্য বিৰাজ কৰিছিল যদিও জিলা প্ৰশাসনৰ বলিষ্ঠ পদক্ষেপৰ বাবেই প্ৰকৃততে কৰ্তন হ’বলগীয়া নামহে ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ বিপৰীতে অন্যায়ভাৱে কৰ্তন হোৱা নাই কোনো এগৰাকীও ভোটাৰৰ নাম।

তথ্য অনুসৰি, নগাঁও জিলাত ভোটাৰৰ নাম কৰ্তনৰ বাবে জিলা নিৰ্বাচন বিভাগে মুঠ ৭০,৭১৬ টা অভিযোগ লাভ কৰিছিল যদিও ইয়াৰে মাত্ৰ ৪৩,৮৬৭ গাৰকী ভোটাৰৰ নামহে উপযুক্ত তথ্যৰ ভিত্তিত কৰ্তন কৰা হৈছে। সমান্তৰালকৈ নাম অন্তৰ্ভুক্তিৰ বাবে জিলাখনৰ ৬১,৭৮০ খন আবেদন লাভ কৰা হৈছে যদিও নথি পৰীক্ষাৰ অন্তত মাত্ৰ ৪৩,১২১ গৰাকী ভোটাৰৰ নামহে অন্তৰ্ভূক্ত হৈছে।

তন্ন তন্নকৈ নথি পৰীক্ষাৰ জড়িয়তে SR প্ৰক্ৰিয়াত নাম কৰ্তন আৰু অন্তৰ্ভূক্তিৰ লগতে বলিষ্ঠ পদক্ষেপ গ্ৰহণেৰে SR সম্পন্ন কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ বাবেই দেশৰ নিৰ্বাচন আয়ুক্তৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলা প্ৰশাসনে।

লগতে পঢ়কঃ নগাঁৱত অন্যায়ভাৱে কৰ্তন হোৱা নাই এজনো ভোটাৰঃ দেৱাশীষ শৰ্মা


Advertisement