নগাঁওঃ গণতন্ত্ৰ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত নগাঁৱত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী। SR ৰ নামত নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে গণতন্ত্ৰ সুৰক্ষা মঞ্চই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত সহাঁৰি জমাই নিখিন ভাৰত কৃষক সভা, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, প্ৰগতিশীল নাৰী সন্থাৰ সহযোগত নগাঁও চহৰৰ মতিৰাম বৰা ক্ষেত্ৰত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী (SR Voter Harassment Protest Assam0।
ৰাজ্যখনৰ বিভিন্ন জিলাত ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ নামত মিছা আৰু ভিত্তিহীন অভিযোগৰ জড়িয়তে বৈধ ভোটাৰৰ ভোটাধিকাৰ কৰ্তনৰ চেষ্টা, উচ্ছেদিত নাগৰিকৰ ভোটাধিকাৰ সুৰক্ষাৰ দাবীত আৰু ১৯৫০ চনৰ জনপ্ৰতিনিধীত্ব আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবীত নগাঁওৰ মতিৰাম বৰা ক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ ১ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে গণতান্ত্ৰিক সুৰক্ষা মঞ্চৰ লগতে কেবাটাও সংগঠনে।
এক বিবৃতিত সংগঠনটোৱে জনোৱা মতে, নগাঁও জিলাৰ ৬০ নং নগাঁও- বটদ্ৰৱা বিধানসভা সমষ্টিৰ মৰঙীয়াল গাওঁ পঞ্চায়তৰ শিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ ৫৩ জন বৈধ ভোটাৰৰ বিৰুদ্ধে বিদেশী বুলি মিছা অভিযোগ দাখিল কৰা হৈছে। লগতে ধিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আব্দুল চালাম আৰু তেওঁৰ পত্নী চামচুল হুদা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জেচমিন আখতাৰক জীৱিত অৱস্থাতো মৃত বুলি অভিযোগ দিয়াৰ দৰে হাজাৰ হাজাৰ ঘটনা সংঘটিত হৈছে।
অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয়, “প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণৰ মূল উদ্দেশ্য হৈছে SR ৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে তাৰ বিৰোধিতা। বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক SR ৰ নামত হাৰাশাস্তি কৰা হৈছে। ভাৰতৰ সংবিধানৰ ৩২৬নং অনুচ্ছেদ অনুসৰি ভোটাৰ অধিকাৰ হৈছে নাগৰিকৰ মৌলিক অধিকাৰ। যিসকল লোকে ভুৱা অভিযোগ আনি এই লোকসকলক হাৰাশাস্তি কৰিছে সেই লোকসকলক ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৩১ নং ধাৰা অনুসৰি শাস্তি প্ৰদান কৰিব লাগে। ইয়াৰোপৰি ভুৱা অভিযোগৰ ভিত্তিত শুনানিৰ জাননী জাৰি কৰা লোকসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিৰ্বাচন আয়োগে।”
কাৰ্যসূচী অন্তত জিলা আয়ুক্তৰ জৰিয়তে অসমৰ নিৰ্বাচনী আয়োগলৈ মিছা অভিযোগ দাখিল কৰা ব্যক্তিসকলৰ বিৰুদ্ধে , অস্তিত্ব হীন লোক সকল দ্বাৰা বৈধ ভোটাৰ সকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ ভিত্তিত প্রশাসনিক ব্যৱস্থা গ্ৰহণ কৰা ERO, AERO সকলক দায়বদ্ধ কৰি গোচৰ তৰি গ্ৰেপ্তাৰ কৰা, উচ্ছেদিত সকলক গৃহহীন বুলি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবৰ বাবে নিৰ্দেশ জাৰি কৰা কে ধৰি চাৰি দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্র প্রেৰণ কৰে।
প্ৰতিবাদী কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভাৰ ৰাতুল বৰা,অসম ৰাজ্যিক কৃষক সভাৰ গোবিন চন্দ্ৰ নাথ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদিকা আয়েফা বেগম, বিশিষ্ট শিক্ষাবিদ ড° জ্যোতিময় জানা অবসৰপ্রাপ্ত অধ্যাপক তথা প্রাক্তন বিধায়ক মজিবুৰ ৰহমান আৰু অমৰেন্দ্র শর্মা সহ অর্ধশতাধিক লোকে অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃ বিজেপিৰ SR-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যতঃ দেৱব্ৰত শইকীয়াৰ অভিযোগ
