নগাঁও: “আমাৰ বিকাশৰ প্ৰতিটো খোজতে আমি বহু কিবা হেৰুৱাবলগীয়া হয়। ইয়াৰ মূলত তিনিটা দিশ আছে— জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ ধ্বংস আৰু প্ৰদূষণ। আজিৰ শিশুৱে আমাৰ পৰম্পৰাগত জীৱনৰ ভালেমান মাছ,উদ্ভিদ, চৰাই আদি দেখা নাপায়। সেইবোৰ নোহোৱা হৈ গল। বিপৰীতে অচিন ৰোগৰ লগত আমি সংগ্ৰাম কৰিবলগীয়া হয়। বৃহৎ নদীবান্ধেই হওক বা চাৰিশৰীয়া ৰাস্তাই হওক- প্ৰতিটো উন্নয়নমূলক কামে আমাৰ ধুনীয়া পৃথিৱীখনৰ মাৰাত্মক ক্ষতি কৰিছে আৰু এই ক্ষতিয়ে মানৱ সংস্কৃতি আৰু মানৱীয়তাৰ প্ৰতিও প্ৰত্যাহ্বান আনিছে৷”- নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্ৰথম বাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা আন্তৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয় অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অধ্যাপক ডঃ অৰূপ কুমাৰ মিশ্ৰই (Sustainable Environment International Conference)।
‘বহনক্ষম পৰিৱেশ, শক্তি আৰু জীৱবিজ্ঞান ‘ বিষয়ক এই সন্মিলনখনৰ আৰম্ভণি অনুষ্ঠানতে উপস্থিত থাকে Russian Academy of Sciences ৰ Institute of Earth ৰ অধ্যাপক ৰুবেন তাতেৱচিয়ান আৰু অধ্যাপক ৱেৰা বাইকভাৰ উপৰি বোটানিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰাক্তন উপ-সঞ্চালক অধ্যাপক জে আৰ কয়াল৷ উপস্থিত বিশিষ্ট ব্যক্তিসকলে সন্মিলনৰ ‘প্ৰছিডিং বুক’ উন্মোচন কৰে।
ভাষণ প্ৰসংগত অধ্যাপক ৰুবেন তাতেচিয়ানে সাম্প্ৰতিক বিশ্বৰ বাবে বিকাশক বহমক্ষম কৰা প্ৰত্যাহ্বানক প্ৰতিজন নাগৰিকৰ মন মগজুলৈ প্ৰসাৰিত কৰাটো জৰুৰী বুলি মন্তব্য কৰে। উল্লেখ্য যে ২০০৩ চনৰ আগলৈকে ‘বহমক্ষম বিকাশ’ শব্দযুগলৰ যুগ্ম ব্যৱহাৰ নাছিল। ২০০৩ চনৰ পাছত এই বিষয়টোৱে বিশ্বৰ সচেতন ব্যক্তি, বিজ্ঞানী, গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। এনে প্ৰেক্ষাপটত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনৰ গভীৰ তাৎপৰ্য আছে বুলি বিশিষ্ট সমল ব্যক্তিসকলে মন্তব্য প্ৰদান কৰে ।
বন্তি প্ৰজ্বলন আৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অংশকালীন অধ্যাপক শিখাৰাণী বৰাৰ বৰগীতেৰে আৰম্ভ হোৱা আৰম্ভণি অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সদানন্দ পায়েঙে। উল্লেখ্য যে আৰম্ভণি অনুষ্ঠানটোৰ পাছতে মহাবিদ্যালয় চৌহদৰ পাঁচটা স্হানত সমান্তৰালভাৱে অনু্ষ্ঠিত হোৱা বিদ্যায়তনিক সত্ৰত দেশ বিদেশৰ শতাধিক অংশগ্ৰহণকাৰীয়ে গৱেষণাপত্ৰ পাঠ কৰে ।
তদুপৰি মুঠ একাৱন্ন গৰাকী অংশগ্ৰহণকাৰীয়ে Poster Presentatoon ত ভাগ লয়। গুৱাহাটী বিশ্ববিদ্যালয়, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসম আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে আয়োজন কৰা এই গুৰুত্বপূৰ্ণ আন্তৰাষ্ট্ৰীয় সন্মিলনখনলৈ আৰ্থিক সহযোগিতা আগবঢ়াইছে ক্ৰমে ANRF(বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ), CSIR আৰু নুমলীগড় শোধনাগাৰে৷
প্ৰতিটো বিদ্যায়তনিক সত্ৰতে দেশ বিদেশৰ দুজনকৈ বিশিষ্ট গৱেষক, পৰিৱেশকমী , পণ্ডিতে বক্তৃতা প্ৰদান কৰে । এইসকলৰ ভিতৰত ডঃ অৰূপ কুমাৰ মিশ্ৰ, ভাৰতীয় বন সেৱা বিষয়া ড. সত্যেন্দ্ৰ সিঙ, অধ্যাপক জে. আ. কায়াল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতা, আই.আই.টি গুৱাহাটীৰ অধ্যাপক উৎপল বৰা আৰু অধ্যাপক অৰুণ গোৱেল, জন্মূৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ব্ৰজমোহন সিং ভৌ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্মীকান্ত এচ. বাদৱেক, চণ্ডীগড়স্হিত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক অৰ্চনা ভাটনাগৰ, অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক অনুপমা হাটাল আদিয়ে। সাত তাৰিখে সন্ধিয়া দেশী বিদেশী অংশগ্ৰহণকাৰী সকলৰ উদ্দেশ্যে অসমৰ বৈচিত্ৰ্যময় সংস্কৃতিক প্ৰতিফলিত কৰিব পৰা এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
আঠ তাৰিখেও পুৱা ৯:৩০বজাৰ পৰা পাঁচটা স্থানতে সমান্তৰালভাৱে গৱেষণা পত্ৰ পাঠ হ’ব বুলি সন্মিলনৰ সচিবদ্বয় ডঃ মৌচমী শইকীয়া আৰু ডঃ লক্ষ্মী কুমাৰী সিঙে জানিবলৈ দিছে৷ মহাবিদ্যালয়খনৰ সেউজীয়া পৰিৱেশ আৰু শৃংখলাবদ্ধ আয়োজনক অংশগ্ৰহণকাৰীসকলে সন্তোষ ব্যক্ত কৰিছে ৷

