Talent Search Exam 2026 Successfully Held in Nagaonপ্ৰাথমিক শিক্ষক সন্মিলনীৰ ব্যৱস্থাপনাত " প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা

নগাঁওঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ব্যৱস্থাপনাত নগাঁও মহকুমা মহকুমাৰ বিভিন্ন শিক্ষা খণ্ডৰ ৪০০ ছাত্ৰ-ছাত্ৰীৰে নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা (Talent Search Exam 2026)।

এই প্ৰতিভা সন্ধানী পৰীক্ষাত নগাঁও মহকুমাৰ বিভিন্ন শিক্ষা খণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় ।পৰীক্ষা নিৰীক্ষক হিচাপে নগাঁও সদৰ ,খাগৰিজান,কপিলী, কঠিয়াতলী,জুৰীয়া, বটদ্ৰৱা,ৰূপহী আদি শিক্ষক সকলে দায়িত্ব পালন কৰে ।

নগাঁও মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰফুল্ল বৰা, সম্পাদক পৱন জ্যোতি বৰা, ৰঞ্জিৎ পাটৰ, লক্ষী প্ৰসাদ ডেকা, ৰঞ্জন কুমাৰ নাথ, লক্ষ্মীকান্ত ডেকা ৰজা, সীমান্ত পাটৰ,গগণ হাজৰিকা, সূৰ্য বৰা,পুলকমনি বৰা,ইমৰাণ হুছেইন, শিৱপ্ৰসাদ ভড়ালী,ৰিপনজিৎ দাস, ডিম্বেশ্বৰ ভূঞা,গৌতম বৰুৱা, মেৰাজ উদ্দিন আহমেদ,কিশোৰ মজুমদাৰ,দিলীপ সূত্ৰধৰ ,তুষাৰ শশীকান্ত ঠাকুৰ, বুনিয়াদী শিক্ষক সন্থাৰ নৰেশ চন্দ্ৰ হাজৰিকা, নেকিব আহমেদ ,তৰুণ বৰা আদি কৰি এশৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পৱন জ্যোতি বৰাই জনোৱা মতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৰাজজ্যোতি দাস,ৰূপ ৰেখা বৰাই এনে ধৰণৰ প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্তোষ প্ৰকাশ কৰে। কাৰণ এনেধৰণৰ পৰীক্ষাই চৰকাৰী বিদ্যালয় সমূহত এক শৈক্ষিক উত্তৰণৰ যথেষ্ট উন্নত হ’ব বুলি কয় ।জিলা মিছন সমন্বয়ক গোপাল শৰ্মাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়কঃ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ এঘাৰটা গল্পৰ ইংৰাজী অনুবাদ উন্মোচন


Advertisement