India’s First Underwater Rail-Road Tunnel to be Built in Assamঅসমত নিৰ্মাণ হ'ব ভাৰতৰ প্ৰথম, বিশ্বৰ দ্বিতীয় আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল

গুৱাহাটীঃ অসমত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে প্ৰথমটো আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল (Underwater Rail Road Tunnel Assam)। ব্ৰক্ষ্মপুত্ৰৰ ওপৰত টুৱাই টাৱেল আণ্ডাৰ ৱাটাৰ ৰোড কাম ৰেল টানেল নিৰ্মাণৰ বাবে অসমে লাভ কৰিব অনুমোদন। এই প্ৰকল্পটোত মুঠ ব্যায় হ’ব -১৮,৬৬২ কোটি টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ এটা দিন পাছতেই কেবাটাও বৃহৎ প্ৰকল্পৰ লগতে এই প্ৰকল্পৰ কথাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মই।

দেওবাৰে সংবাদ মেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমত নিৰ্মাণ হবলগীয়া টুইন টিউব আন্ডাৰ ৱাটাৰ টানেল হৈছে ভাৰতৰ প্ৰথম আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল। বিশ্বৰ ভিতৰতেই হ’ব দ্বিতীয়। এই টানেলটো ব্ৰক্ষ্মপুত্ৰৰ ৫৭ মিটাৰ তলত হ’ব। ইয়াতে টুইন টিউব থাকিব অৰ্থাৎ ৰেলৰ টিউব আৰু ৰাস্তাৰ টিউবৰ উপৰিও এটা অতিৰিক্ত টিউব থাকিব। গহপুৰ আৰু নুমলীগড়ৰ সৈতে লগ লগাই হাইৱে নিৰ্মাণ কৰা হ’ব। মুঠ ৩৪ কিলোমিটাৰ। মাজত ৰেলৱে লাইনো নিৰ্মাণ কৰা হ’ব। এতিয়া এই প্ৰকল্পই মধ্য অসমকো সংযোগ কৰিব।”

কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিবলগীয়া কেবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “কেন্দ্ৰীয় চৰকাৰৰ পৰা বহুকেইটা প্ৰকল্পৰ অনুমোদন লাভ অসমে। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰত ৰিং ৰোড নিৰ্মাণৰ প্ৰকল্পৰো অনপমোদন লাভ কৰিব অসমে। য’ত ৫,৭২৯ কোটি টকা ভাৰত চৰকাৰ তথা অসম চৰকাৰে ব্যায় কৰিব।

লগতে কাজিৰঙা এলিভেটেড কৰিডৰ বাবে ৬,৯৫৭ কোটি টকা ভাৰত চৰকাৰে ব্যায় কৰিব।

লগতে মাৰ্চ মাহত শিলচৰ, শ্বিলং, গুৱাহাটী হাইস্পীড কৰিডৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিৰ্মাণ হ’বলগীয়া পথে শিলচৰ আৰু গুৱাহাটীৰ যাতায়ত চাৰে চাৰি ঘণ্টাৰ পৰা পাচ ঘণ্টালৈ সীমিত কৰিব। এই প্ৰকল্পটো ভাৰত চৰকাৰে অসমলৈ আগবঢ়োৱা প্ৰকল্পৰ ভিতৰত অন্যতম সৰ্ববৃহত প্ৰকল্প হ’ব। যত ২২, ৮ ৬৪ কোটি টকা ব্যায় হ’ব।

গুৱাহাটী কামাখ্যা ৰ’পৱে প্ৰকল্প নিৰ্মাণৰ কামো আৰম্ভ হ’ব। নিবিদা প্ৰক্ৰিয়াও ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী ভ্ৰমণত আধাৰশিলাও স্থাপন কৰা হ’ব।

লগতে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পও আৰম্ভ হ’ব, য’ত ব্যায় হ’ব ১৫০০ কোটি টকা, দুই এদিনতে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব এই প্ৰকল্পৰো।

লগতে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্পৰ কামো আৰম্ভ হ’ব। য’ত ব্যায় হ’ব ১৪ হাজাৰ কোটি টকা। এই প্ৰকল্পৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অন্তিম পৰ্যায়ত আছে।

গুৱাহাটীৰ কামাখ্যা কৰিডৰৰ নিৰ্মাণ কামো আৰম্ভ কৰা হ’ব।

গুৱাহাটী মেডিকেল কলেজত ২২ শ কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছে। লগতে ডিব্ৰুগড় মেডকেল কলেজত ৬ শ কোটি টকাৰ কামৰ প্ৰস্তাব অনুমোদনৰ পৰ্যায়ত আছে।”

দেওবাৰে সংবাদ মেলত এইসমূহ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়কঃ ডিব্ৰুগড় জিলাৰ মৰাণত উত্তৰ-পূবৰ প্ৰথম জৰুৰী অৱতৰণ সুবিধাত প্ৰধানমন্ত্ৰীৰ অৱতৰণ


Advertisement