Akhil Gogoi Files FIR Alleging Vote Theft Against BJP Leaders in Assamপ্ৰসংগ ভোট চুৰিঃ বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অখিল গগৈৰ

যোৰহাটঃ বকো সহজিলাৰ কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি চাৰিজন বিজেপি নেতাই ভোট চুৰি কৰাৰ অভিযোগ তুলি শণিবাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে (Vote Theft FIR Assam)। এজাহাৰ পত্ৰখনত দক্ষিণ কামৰূপ জিলা বিজেপি, জিলা পৰিষদ সদস্য, চামাৰিয়া ব্লকৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ বিশ্বাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক মৃণ্ময় বড়ো, দক্ষিণ কামৰূপ জিলা এছ টি মৰ্চাৰ সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ ৰাভা, আৰু মৃদুল তালুকদাৰ ওৰফে ৰাজু মেছৰ নাম উল্লেখ আছে (FIR Against BJP Leaders)।

পত্ৰখনত উল্লেখ কৰা মতে, যোৱা ২৩ জানুৱাৰীৰ পুৱা প্ৰায় ১০.৩৯ বজাত বিধায়ক অখিল গগৈয়ে তিনিটা ভিডিঅ’ ফুটেজ লাভ কৰিছিল। সেই ভিডিঅত চাৰি জন ব্যক্তি কামৰূপ (গ্ৰাম্য) জিলাৰ বকো সহ-জিলা উপায়ুক্ত কাৰ্যালয়ত অনুমতি নোহোৱাকৈ প্ৰৱেশ কৰি ভিতৰত কাৰ্য্যৰত অৱস্থাত থকা দেখা পাইছে (Assam Election Controversy)। উল্লেখযোগ্য যে, উক্ত কাৰ্যালয়ত বৰ্তমান বিশেষ নিৰ্বাচনী তালিকা পুনৰীক্ষণ (Special Revision – SR) ২০২৬ চলি আছে (Special Revision – SR)।

পত্ৰখনত উল্লেখ কৰা মতে, ভিডিঅ’ ফুটেজসমূহত স্পষ্টভাৱে দেখা গৈছে যে উক্ত ব্যক্তিসকলে চৰকাৰী নথিপত্ৰ আৰু ইলেক্ট্ৰনিক ডাটাবেছত অনাধিকাৰভাবে স্পৰ্শ কৰিছে। ইয়াৰ ফলস্বৰূপে কোনো আইনী অধিকাৰ নথকাৰ সত্ত্বেও কল্পিত ভোটাৰৰ নাম সংযোজন কৰা বা প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নাকচ কৰিব নোৱাৰি (Electoral Data Misuse)।

বিধায়ক অখিল গগৈয়ে ভিডিঅ’ ফুটেজসমূহে উক্ত ব্যক্তিসকলে ৰাতিৰ সময়ত কাৰ্যালয় চৌহদত অনুমতিবিহীনভাবে প্ৰৱেশ কৰা আৰু এই প্ৰৱেশ সম্ভৱতঃ কাৰ্যালয়ৰ চকিদাৰৰ সহযোগিতাত সংঘটিত হোৱাৰ দৃশ্য থকাৰ কথা এজাহাৰত উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে।

বিধায়কগৰাকীয়ে উল্লেখ কৰে যে- ভিডিঅ’ত দেখা পোৱা কোনো ব্যক্তিয়েই নিয়মিত চৰকাৰী কৰ্মচাৰী বা অনুমোদিত বিষয়া যেন দেখা নাযায়। এজাহাৰত উল্লেখ থকা মতে উক্ত ঘটনাটো প্ৰথমবাৰৰ বাবে ২২ জানুৱাৰী ২০২৬ তাৰিখে নিশা প্ৰায় ৮.৩০ বজাত দৃষ্টিগোচৰ হয়, যেতিয়া কিছুমান স্থানীয় ভিডিঅ’ সাংবাদিকে বকো কো-জিলা উপায়ুক্ত কাৰ্যালয়ত অস্বাভাৱিক কাৰ্যকলাপ লক্ষ্য কৰে। নিশা দেৰিলৈ কাৰ্যালয়ত পোহৰ জ্বলি থকা আৰু ভিতৰত কিছুমান লোকৰ উপস্থিতি দেখা পোৱাৰ পাছত, চৰকাৰী কাম চলি আছে বুলি ধাৰণা কৰি সাংবাদিকসকলে কাৰ্যালয় চৌহদৰ ওচৰলৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

তেতিয়া সাংবাদিককেইজনে প্ৰত্যক্ষ কৰে যে, কাৰ্যালয়ৰ ভিতৰত থকা ব্যক্তিসকল কোনো চৰকাৰী বিষয়া নহয়, বৰং এটা ৰাজনৈতিক দলৰ সদস্য । তেওঁলোকে কোনো ধৰণৰ অনুমতি অবিহনে কাৰ্যালয়ৰ ভিতৰত কাৰ্যকলাপ চলাই আছিল। উক্ত কাৰ্যসমূহ ভাৰতৰ নিৰ্বাচন আয়োগ, অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অথবা নিৰ্বাচনী পঞ্জীয়ন বিষয়া (Electoral Registration Officer) ৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ সংঘটিত কৰা হৈছিল।

এজাহাৰত উল্লেখ আছে যে-এই কাৰ্যসমূহৰ পিচত স্পষ্টভাৱে বেয়া উদ্দেশ্য (mala fide intention) থকা বুলি ধাৰণা কৰা যায়। যাৰ মূল লক্ষ্য আছিল আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত ৰাজনৈতিক লাভৰ উদ্দেশ্যে নিৰ্বাচনী তালিকাত হস্তক্ষেপ কৰা।

উক্ত অনাধিকাৰ আৰু অবৈধ কাৰ্যকলাপসমূহ ব’কো কো-জিলা উপায়ুক্ত প্ৰিয়াংশু ভাৰদ্বাজ, কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত দেবো কুমাৰ মিশ্ৰ আৰু বোকো কো-জিলা উপায়ুক্ত কাৰ্যালয়ৰ চকিদাৰৰ সহযোগিতা অবিহনে সম্পন্ন হোৱাটো সম্ভৱ নহয় বুলিও এজাহাৰত উল্লেখ আছে।

এজাহাৰত উল্লেখ কৰা মতে, এইদৰে অবৈধ আৰু দুৰভিসন্ধিমূলক কাৰ্য সংঘটিত কৰি তেওঁলোকে তলত উল্লেখ কৰা দণ্ডনীয় অপৰাধসমূহ সংঘটিত কৰিছে—
১. চুৰি (ধাৰা ৩০৩, ভাৰতীয় ন্যায় সংহিতা, ২০২৩)

২. জালিয়াতি / ভুৱা নথি প্ৰস্তুত (ধাৰা ৩৩৬, ভাৰতীয় ন্যায় সংহিতা, ২০২৩)

৩. অপৰাধমূলক অনধিকৃত প্ৰৱেশ (Criminal Trespass) (ধাৰা ৩২৯, ভাৰতীয় ন্যায় সংহিতা, ২০২৩)

লগতে ভাৰতীয় ন্যায় সংহিতাৰ ৩৪০ ধাৰাত গোচৰ ৰুজু কৰিবলৈ বিধায়ক অখিল গগৈয়ে এজাহাৰৰ জৰিয়তে আহ্বান জনাইছে।

এই সম্পৰ্কত বিধায়ক অখিল গগৈয়ে পূৰ্বতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী অশোক সিংহলৰ সম্পৰ্কত উত্থাপন কৰা অভিযোগ পুনৰ দোহাৰি কয় যে- ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ হৈছে ভোটদান। এই অধিকাৰ বিজেপিয়ে কৰ্তন কৰিব বিচাৰিছে।

লগতে পঢ়কঃ অখিল গগৈৰ কথাত গুৰুত্ব দিলে অসম বেয়াৰ ফালে যাবঃ অশোক সিংহল


Advertisement