নগাঁও : সৰ্বসাধাৰণৰ মাজত পানীৰ অপৰিসীম গুৰুত্ব সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটো ‘বিশ্ব জল দিৱস’ হিচাপে উদযাপন কৰা হয় (Voter Awareness Assam 2026)। “পানী অবিহনে জীৱন অসাধ্য, সেয়েহে ইয়াৰ সংৰক্ষণ আমাৰ পৰম দায়িত্ব”- এই কথাৰ প্ৰতি জন সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰি অহা বিশ্ব জল দিৱসৰ সৈতে সংগতি ৰাখি আৰু আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত ভোটাধিকাৰ সন্দৰ্ভতো সজাগতা সৃষ্টিৰ বাবে নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন গাঁওসমূহৰ পানী যোগান আঁচনিৰ প্ৰাংগণত আজি স্থানীয় ৰাইজ সন্মিলিত হৈ এক বিশেষ শপতগ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰে।
নিৰ্বাচন আয়োগৰ পৰামৰ্শ ক্ৰমে পদ্ধতিগত ভোটাৰ শিক্ষা আৰু সজাগতা অভিযানৰ অংশ হিচাপে হাতত লোৱা এই কাৰ্যসূচীৰ জৰিয়তে সকলোৱে সংকল্প লয় যে পানী সংৰক্ষণত গুৰুত্ব দিয়াৰ লগতে “আমি নিজে ভোট দিম আৰু আনকো ভোট দিবলৈ উৎসাহিত কৰি এক শক্তিশালী গণতন্ত্ৰ গঠনত অংশীদাৰ হ’ম”। এগৰাকী সচেতন নাগৰিক হিচাপে পানীৰ অপচয় ৰোধ কৰাৰ লগতে নিজ নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত দায়িত্ব পালনৰ বাবে আজি জিলাখনৰ প্ৰতিখন পানীযোগান আঁচনিতে সংকল্প গ্ৰহণ কৰা হয়।
লগতে পঢ়কঃ নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তৰ সকীয়নি

