Zubeen Garg Death Case: CM Himanta Biswa Sarma’s Strong Reactionনিশাৰ পৰাই জুবিন গাৰ্গক মদ্যপান কৰাইছিল অমৃতপ্ৰভা মহন্তই

নগাঁও: চিংগাপুৰৰ ক’ৰণাৰ্ছ আদালতে আজি জুবিন গাৰ্গৰ দুৰ্ঘটনাবশতঃ পানীত বুৰি মৃত্যু হোৱা বুলি ৰায় দিয়াৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত এই সম্পৰ্কত এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয়, “নিশাৰ পৰাই জুবিন গাৰ্গক অমৃতপ্ৰভা মহন্তই মদ্যপান কৰাইছিল (Zubeen Garg Death Case)।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চিংগাপুৰৰ ৰায় আৰু আমাৰ অভিযোগনামাৰ মাজত পাৰ্থক্য নাই। কাৰণ অসম চৰকাৰেও কৈছে মদ খাইছিল, কিন্তু খুৱাই দিয়া হৈছিল। গতিকে মই ভাবো চিংগাপুৰৰ আদালতৰ ৰায়ে আমাৰ গোচৰটোক শক্তিশালীহে কৰিব। কাৰণ চিংগাপুৰৰ আদালতে কলে ৩৮০ এম এল সুৰা পোৱা গৈছে। আমিও একেটা কথাই কৈছো। চিংগাপুৰৰ আদালতে কৈছে সেইদিনা ৰাতিৰ পৰা মদ খাইছিল। আমিও কৈছো ৰাতিৰ পৰাই খুৱাইছে। কিন্তু আমি কৈছো তেওঁক উদ্দেশ্য প্ৰণোদিত ভাৱে মদ খুওৱা হৈছে।”

তেওঁ লগতে কয়, অসম আৰক্ষীয়ে চিংগাপুৰতকৈও বেছি ভাল কাম কৰিব পাৰিব। কোনোবা কোনোবাই কৈছে অসম আৰক্ষী চিংগাপুৰলৈ যাব লাগিছিল। যদি আমি চিংগাপুৰ যোৱা হলে আমাৰ কি অৱস্থা হলহেতেন। আমি যে শুদ্ধ কাম কৰি আছিলো আজিৰ ৰায়ে প্ৰমাণ কৰিছে। তেওঁলোকেও কৈছে ৰাতিৰ পৰা খোৱা হৈছে। আমিও কৈছো অমৃতপ্ৰভাই এটা ষড়যন্ত্ৰৰ আধাৰত ৰাতিৰ পৰাই মদ খুৱাইছে। গতিকে অসমৰ মানুহে বুজি পাব আমি যিমান পৰি পাটিকৈ কাম কৰিছো ৰাজনীতিৰ পৰা দূৰত থাকি চিংগাপুৰত যোৱা হলে কেতিয়াও তেনেকৈ কৰিব পৰা নগ’লহেতেন। অখিল, লুৰীণ আৰু দুলু আহমেদে কিমান আমাক গালি পাৰিছিল। চিংগাপুৰলৈ অসম আৰক্ষী কিয় যোৱা নাই। কিন্তু আমি জানিছিলোঁ, বেংক একাউণ্ট ইয়াত আছে । গতিকে ষড়যন্ত্ৰও ইয়াত হৈছে। চিংগাপুৰলৈ অসম আৰক্ষী গৈ কি কৰিব? আজি চিংগাপুৰৰ আদালতৰ ৰায়ে প্ৰমাণ কৰিছে চিংগাপুৰলৈ নোযোৱাটো কিমান ভাল হল।

তেওঁ নিৰ্বাচনৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত দিয়া অভিযোগ নামাৰ ওপৰত আলোচনা কৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে।

লগতে পঢ়কঃ Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ


Advertisement