গুৱাহাটীঃ প্ৰতিজন অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে (Zubeen Garg justice letter PM)। এই স্মাৰক পত্ৰখনত স্বাক্ষৰ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে। পত্ৰখনত জুবিন গাৰ্গৰ পৰিয়ালে প্ৰয়াত শিল্পীজনৰ নামৰ আগত প্ৰয়াত শ্ৰী জুবিন গাৰ্গ বুলি উল্লেখ কৰি অমৰ শিল্পীজনলৈ শ্ৰদ্ধা জনাইছে।
পত্ৰখনৰ বিষয়বস্তুঃ
পত্ৰখনৰ জৰিয়তে জুবিন গাৰ্গৰ পৰিয়ালে
শিল্পীজনৰ মৃত্যুৰ সন্দৰ্ভত অসমত বিশেষ আদালত গঠন, দ্ৰুত বিচাৰ প্ৰক্ৰিয়া আৰু ছিংগাপুৰত উপযুক্ত কূটনৈতিক-আইনী পদক্ষেপ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে। তদুপৰি অভিযুক্তসকলক জামিন নিদিবলৈও আবেদন জনাইছে।
কি উল্লেখ আছে পত্ৰখনত
জুবিন গাৰ্গৰ পৰিয়ালে ইংৰাজীতে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ আছে এনেধৰণৰে-“জুবিন গাৰ্গ কেৱল আমাৰ পৰিয়ালৰ এজন সদস্যই নহয়; তেওঁ আছিল অসমৰ লগতে ভাৰতৰ উত্তৰ-পূবৰ সাংস্কৃতিক কণ্ঠস্বৰ। ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে ছিংগাপুৰত সংঘটিত হোৱা তেওঁৰ হঠাৎ আৰু অকাল মৃত্যুৱে কেৱল পৰিয়ালটোকেই নহয়, অসম আৰু বিশ্বজুৰি বসবাস কৰা লাখ লাখ অসমীয়াক গভীৰ শোকত নিমজ্জিত কৰাৰ লগতে সত্য আৰু ন্যায়ৰ সন্ধানত প্ৰশ্নৰ মুখামুখি কৰাইছে।
ঘটনাৰ পিছত তাৎক্ষণিকভাবে ছিংগাপুৰৰ কৰ্তৃপক্ষই স্বপ্ৰণোদিতভাবে (suo Motu) তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা আৰু আনুসংগিক প্ৰক্ৰিয়াসমূহত সমন্বয় সাধন কৰে।
পৰিয়ালৰ বাবে আকস্মিক শোকৰ পৰিস্থিতি কিছু স্থিৰ হোৱাৰ পাছত, আমি চিআইডি, অসমত এখন এজাহাৰ দাখিল কৰোঁ। অসম চৰকাৰে এটা বিশেষ তদন্ত দল (SIT) গঠন কৰে। উক্ত SIT-ৰ মুখ্য বিষয়াৰ নেতৃত্বত জ্যেষ্ঠ আৰক্ষী বিষয়াসকল তদন্তৰ অংশ হিচাপে ছিংগাপুৰলৈ যায়। প্ৰায় তিনিমাহ ধৰি হোৱা তদন্তৰ অন্তত, অসম আৰক্ষীয়ে ২,৫০০ পৃষ্ঠাতকৈ অধিক বিস্তৃত এখন চাৰ্জশ্বীট দাখিল কৰে আৰু সংগৃহীত প্ৰমাণৰ ভিত্তিত হত্যাৰ ধাৰাসমূহ প্ৰয়োগ কৰে।
একেদৰে, জুবিন গাৰ্গৰ খুৰাকেও মেইলযোগে আৰু কৰ’নাৰ আদালতৰ শুনানিৰ প্ৰথম দিনাই মাননীয় কৰ’নাৰৰ আগত বিস্তৃত আৰু যুক্তিসংগত বক্তব্য দাখিল কৰে। উক্ত বক্তব্যত জুবিন গাৰ্গৰ মৃত্যুক লৈ সংঘটিত ঘটনাক্ৰম, সুৰক্ষা ব্যৱস্থা, মানৱীয় সিদ্ধান্ত, আৰু আপাতকালী ব্যৱস্থাসমূহ সন্দৰ্ভত প্ৰকৃত তথ্য স্পষ্ট কৰাৰ উদ্দেশ্যে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে।
এই প্ৰশ্নসমূহ আইনসংগত। লগতে সেই পৰিয়ালৰ মৌলিক মানৱীয় অধিকাৰো, যাৰ প্ৰিয়জনৰ মৃত্যুকলৈ বৰ্তমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈছে।
পৰিয়ালটোৱে দুয়োখন দেশৰ (ভাৰত আৰু ছিংগাপুৰ) কৰ্তৃপক্ষৰ সৈতে নিৰবচ্ছিন্নভাৱে যোগাযোগ আৰু সহযোগিতা বজাই ৰাখিছে। সত্য অনুসন্ধানৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা কোনো ধৰণৰ অৱহেলা, দ্বিধা বা শিথিলতা হোৱা নাই। মৰ্যাদা আৰু দায়িত্বশীলতাৰ সৈতে আইনত অনুমোদিত সকলো পথ আমি অনুসৰণ কৰিছোঁ।
এই প্ৰেক্ষাপটত, আমি গভীৰ সন্মানেৰে ভাৰত চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছোঁ আৰু তলত উল্লেখিত বিষয়সমূহৰ বাবে সদয় বিবেচনা অনুৰোধ জনাইছোঁ
প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাই উল্লেখ কৰা বিষয় সমূহ
পত্ৰখনৰ জৰিয়তে জুবিন গাৰ্গৰ পৰিয়ালে প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাই উল্লেখ কৰা বিষয় সমূহ হৈছে
ভাৰতত এখন বিশেষ আদালত গঠন কৰা। যাতে অসম আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত হোৱা ন্যায় প্ৰক্ৰিয়া খৰতকীয়া হয়। জনসাধাৰণৰ বিশ্বাস অটুট থাকে আৰু সঠিক ন্যায়িক সিদ্ধান্ত লোৱা হয়।
প্ৰয়োজন সাপেক্ষে, অসম চৰকাৰৰ দ্বাৰা ইতিমধ্যে নিযুক্ত লোক অধিবক্তাৰ দললৈ অধিক সংখ্যক শক্তিশালী আৰু অভিজ্ঞ লোক অধিবক্তা নিযুক্তি দিয়া। এই লোক অধিবক্তাৰ দলটোত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন, জ্যেষ্ঠ আৰু অভিজ্ঞ অন্তৰ্ভুক্ত কৰা হ’ব লাগে, যাতে গোচৰটো অতি উচ্চ পেছাদাৰী দক্ষতা, গুৰুত্ব আৰু গম্ভীৰতাৰ সৈতে পৰিচালিত হয় আৰু বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পৰা যায়।
উপযুক্ত ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা
যাতে অহেতুক পলম হোৱাৰ বাবে ন্যায় প্ৰক্ৰিয়া দুর্বল নহয়।
সম্পূৰ্ণ ন্যায়িক প্ৰক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত অভিযুক্তসকলক কোনো ধৰণে জামিনত মুক্তি নিদিবলৈ আৰু দোষী সাব্যস্ত হ’লে আইনৰ অধীনত সৰ্বোচ্চ আৰু কঠোৰতম শাস্তি নিশ্চিত কৰিবলৈ।
ছিংগাপুৰৰ সৈতে সক্ৰিয় কূটনৈতিক আৰু আইনী যোগাযোগ স্থাপন
কৰ’নাৰ আদালতত চলি থকা প্ৰক্ৰিয়াসমূহ সৰ্বোচ্চ পৰ্যায়ত পৰ্যবেক্ষণ কৰা;
সকলো প্ৰাসংগিক নথিপত্ৰ, সাক্ষ্য আৰু অনুসন্ধানমূলক তথ্য ভাৰতীয় কৰ্তৃপক্ষৰ বাবে উপলব্ধ কৰাটো নিশ্চিত কৰা;
পাৰস্পৰিক আইনী সহায়ৰ বাবে উপলব্ধ সকলো আইনসন্মত পথ বিচৰা
সত্য উদ্ঘাটনৰ ক্ষেত্ৰত আইনী জটিলতা যাতে অন্তৰায় নহয়, সেইটো নিশ্চিত কৰা।
জুবিন গাৰ্গৰ জীৱনৰ অন্তিম মুহূর্তৰ সামগ্ৰী বিষয় সমূহ পৰীক্ষা-নিৰীক্ষা কৰা হওক।
পত্ৰখনত উল্লেখ কৰিছে যে, আমি শোকাকুল এটা পৰিয়াল যদিও, একে সময়তে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এখন গণৰাজ্যৰ দায়িত্বশীল নাগৰিকো। সেয়ে সমগ্র বিষয়টোৰ গুৰুত্ব, তৎপৰততা আৰু নৈতিক দায়বদ্ধতা দাবী কৰি, ইয়াক আগবঢ়াই নিবলৈ আপোনাৰ মাননীয় কাৰ্যালয়ৰ ওপৰত আমি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস স্থাপন কৰিছোঁ।
এই কঠিন সময়ছোৱাত, অসমৰ জনসাধাৰণৰ পৰা পোৱা সহানুভূতি, সংহতি আৰু সমৰ্থনৰ পৰা আমি গভীৰ শক্তি লাভ কৰিছোঁ। তেওঁলোক আমাৰ দুখৰ এই যাত্ৰাত পৰিয়ালৰ দৰে আমাৰ কাষত থিয় দি আছে।
