Effigy of Zubeen Garg Murder Accused to Be Burnt During Magh Bihu Celebrations মেজিৰ জুইত দাহন হ’ব জুবিন হত্যাৰ অভিযুক্তৰ প্ৰতিচ্ছবি

নগাঁওঃ জুবিন হত্যাৰ অভিযুক্তৰ প্ৰতিচ্ছবি দাহ কৰি ভোগালী উদযাপনৰ বাবে সাজু হৈছে জুবিন প্ৰেমী এদল যুৱক (Zubeen Garg murder accused)। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটো ভোগালী উদযাপনৰ বাবে সাজু হৈছে অসমীয়া। মাঘ বিহুৰ পুৱাই পৰম্পৰা ৰক্ষা কৰি মেজি প্ৰজ্বলন কৰি উদযাপন কৰিব মাঘ বিহু

কিন্তু জুবিন গাৰ্গ অবিহনে উদযাপন কৰিবলৈ লোৱা মাঘ বিহুতো অসমীয়াই পাহৰিব পৰা নাই জুবিন গাৰ্গৰ মৃত্যুৰ পাষণ্ড অভিযুক্তকেইটাক। যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ প্ৰতিচ্ছবি মেজিৰ সৈতে দাহন কৰি মাঘ বিহু উদযাপনৰ বাবে সাজু হৈছে যুৱকৰ দলটো।

যুৱকৰ দলটো নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ। চামগুৰিৰ যুৱকসকলে মাঘ বিহুৰ দিনাই মেজিৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ প্ৰতিচ্ছবি দাহন কৰি একপ্ৰকাৰ ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্য্যসূচীৰ ব্যৱস্থা কৰিছে যুৱকৰ দলটোৱে ((Magh Bihu protest)।)।

জুবিন গাৰ্গৰ আকস্মিকভাৱে হোৱা ৰহস্যজনক মৃত্যুৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ ক্ষোভ আজিও আছে প্ৰতিগৰাকী জুবিন অনুৰাগীৰ বুকুত (Zubeen Garg death case)। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (CID) আৰু বিশেষ তদন্তকাৰী দলে (SIT) তদন্ত কৰি ইতিমধ্যেই অভিযোগনামা দাখিল কৰিছে। য’ত অভিযুক্ত হিচাপে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দিপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক চিনাক্ত কৰা হৈছে। এইসকলৰ বিৰুদ্ধে হত্যা, ষড়যন্ত্ৰ আৰু সম্পৰ্কিত ধাৰাৰ অভিযোগ আনিছে তদন্তকাৰী দলে (Zubeen Garg fans Assam)।

গোচৰটোৰ শুনানি আদালতত ইতিমধ্যেই আৰম্ভও হৈছে । কেইজনমান অভিযুক্তই ইতিমধ্যে উকীল নিয়োগ কৰিছে, জামিনৰ বাবে আবেদন দাখিল কৰিছে।

কিন্তু প্ৰতিগৰাকী অসমীয়াৰ বুকুত আজিও জ্বলি আছে এইসকল অভিযুক্তৰ বিৰুদ্ধে জ্বলা ক্ষোভৰ জুইকুৰা। বুকত জুবিন গাৰ্গৰ অভাৱৰ অনুভৱ লৈয়েই মাঘ বিহু উদযাপন কৰিবলৈ আগবঢ়া অসমীয়াই মাঘ বিহুৰ ভেলাঘৰে ভেলাঘৰে জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি তুলিছে।

কিন্তু জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায়ৰ দাবী উত্থাপন হোৱাৰ সময়ত চামগুৰিৰ এইসকল যুৱকে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ প্ৰতিচ্ছবি দাহ কৰিহে উদযাপন কৰিব মাঘৰ বিহুটি।

লগতে পঢ়কঃ Zubeen Garg death case: এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁঃ গৰিমা


Advertisement