নগাঁও: শতবৰ্ষ অতিক্ৰম কৰা নগাঁও চহৰৰ তৰণী সংঘৰ শতবৰ্ষপূৰ্তি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। তৰণী সংঘৰ শতবৰ্ষ উপলক্ষে নগাঁও চহৰৰ শ্বহীদ ভৱনত এখন মুকলি সভাও অনুষ্ঠিত হয়।

পুৱাৰ ভাগত সংঘৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি আব্দুল মান্নান আৰু তাৰ মাজতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দুপৰীয়া ভাগত শ্বহীদ ভৱনত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়।  উক্ত সভাত সভাপতিত্ব কৰে সন্থাৰ স্থায়ী সভাপতি আব্দুল মান্নানে। ইয়াৰ লগতে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে। উক্ত অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সদ্য প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মূখ্য ন্যায়িক দণ্ডাধীশ মনশ্ৰীপৰ্ণা খাউণ্ড বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। 

 নগাঁও উকীল সন্থাৰ সভাপতি গঙ্গা বল্লব গোস্বামী ,সম্পাদক অজিত বৰা আৰু বাৰ কাউন্সিলৰ সদস্য আবুল হাচেম খন্দকাৰকে ধৰি অধিবক্তা পৰাণ গোহাঁই লগতে অসম ৰাজ্যিক তৰণী সংঘৰ সভাপতি আনুৱাৰ হুছেইন উপস্থিত থাকে। উক্ত মুকলি সভাখন আট ধৰে উদযাপন সমিতিৰ সম্পাদক বিৰেণ মহন্তই ।