নগাঁও: নগাঁও জিলাৰ ননৈ আৰক্ষীয়ে এক সফল অভিযানত প্ৰায় ১৮ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰিছে। জব্দকৃত মাছখিনি এএছ-০২-ডিচি-৫৬৪৫ নম্বৰৰ এখন টাটা ডি-আই ভানত নগাঁৱৰ ধিঙৰ পৰা ডিমাপুৰলৈ সৰবৰাহ কৰা হৈছিল (Thailand Magur Fish Seized)।
আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, বাহনখনৰ চালকে জেৰা চলোৱাৰ সময়ত কামাল নামৰ এজন ব্যক্তিক মাছখিনিৰ মালিক বুলি উল্লেখ কৰে।
ইয়াৰ পিছতে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত নগাঁও মীন বিভাগৰ কঠিয়াতলি মীন বিষয়া সংগীতা বৰা আৰু বিভাগীয় কৰ্মচাৰীৰ সহযোগত ননৈ আৰক্ষীয়ে জব্দকৃত মাছখিনি নিয়ম অনুসৰি পুতি ধ্বংস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, ২০২৬ চনৰ ৯ জুনতো একেখন বাহনতেই নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ সৰবৰাহ কৰাৰ অভিযোগত হোজাই জিলাৰ আকাংশীগংগাত হোজাই মীন বিভাগে বাহনখন জব্দ কৰিছিল।
এনে পৰিস্থিতিত, পূৰ্বে জব্দ হোৱা একেখন বাহন পুনৰ কেনেকৈ নিষিদ্ধ মাছ সৰবৰাহত ব্যৱহাৰ হ'ল, সেয়া এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি ননৈ আৰক্ষী আৰু নগাঁও মীন বিভাগে জড়িতসকলৰ বিৰুদ্ধে কি ধৰণৰ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে, সেয়ালৈ এতিয়া সকলোৱে লক্ষ্য ৰাখিছে।
লগতে পঢ়কঃ চেকনী চাহ বাগিচাৰ কাম পুনৰ আৰম্ভ কৰিবলৈ তৎপৰ দিছপুৰৰ