নগাঁওঃ তিৱা স্বায়ত্ত পৰিষদত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে সদৌ তিৱা ছাত্ৰ সন্থা আৰু আন কেইবাটাও সহযোগী সংগঠনে। তদুপৰি যোৱা ২৮ জুনত গঠন হোৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ তৃতীয়টো অৰ্থাৎ নতুন গোটটোক অসাংবিধানিক আৰু উদ্দেশ্য প্ৰণোদিত বুলি আখ্যা দিছে(Tiwa Autonomous Council Corruption)। সোমবাৰেসদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি বিমান প্ৰতীম মাছৰেং আৰু সাধাৰণ সম্পাদক প্ৰমোদ ছাগ্ৰা, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰজনী বৰদলৈ আৰু সাধাৰণ সম্পাদক দিলীপ বৰদলৈ, সদৌ তিৱা সুৰক্ষা সমিতিৰ সভাপতি কাৰ্তিক দেউৰী আৰু সাধাৰণ সম্পাদক চিনাৰাম বৰদলৈ স্বাক্ষৰিত এক যৌথ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ থকা মতে আজি অনুষ্ঠিত সংবাদমেলৰ পিছতেই এই তিৱা জাতীয় সংগঠন কেইটাই যৌথভাৱে তিৱা স্বায়ত্ত পৰিষদত সংঘটিত সকলো দুৰ্নীতিৰ নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তি সকলক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলে।
বিজ্ঞপ্তিত উল্লেখ থকা মতে, "মধ্য অসমৰ তিৱাসকলৰ লগতে অঞ্চলটোৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে ১৯৯৫ চনত গঠিত তিৱা স্বায়ত্ত পৰিষদত সংঘটিত ব্যাপক দুর্নীতিৰ বিৰুদ্ধে সদৌ তিৱা ছাত্ৰ সন্থা (ATSU) আৰু সহযোগী জাতীয় সংগঠনসমূহে বিগত এবছৰ ধৰি ধাৰাবাহিকভাবে প্রতিবাদ সাব্যস্ত কৰি আহিছে। পৰিষদখনত সংঘটিত দুর্নীতিৰ নিৰপেক্ষ তদন্তৰ দাবীত সন্থাই একাধিকবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক আৰু কামৰূপ মহানগৰ আৰক্ষী আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পাছতো চৰকাৰ-প্ৰশাসনে কোনো ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰাত ২০২৫ চনৰ ডিচেম্বৰ মাহত সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কিন্তু আজিলৈকে দুর্নীতিৰ বিৰুদ্ধে কোনো দৃশ্যমান ব্যৱস্থা গ্রহণ কৰা হোৱা নাই।
বৰ্তমানৰ তিৱা স্বায়ত্ত পৰিষদ ২০২১ চনৰ ৬ জানুৱাৰীত গঠন হৈছিল আৰু ২০২৬ চনৰ ৬ জানুৱাৰীত ইয়াৰ সাংবিধানিক কার্যকাল সমাপ্ত হয়। কিন্তু চৰকাৰে নিৰ্বাচন অনুষ্ঠিত নকৰি পৰিষদখনৰ কাৰ্যকাল পুনৰ ছমাহলৈ সম্প্ৰসাৰণ কৰে। এই সম্প্ৰসাৰিত সময়ছোৱাত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত ভুৱা কার্যাদেশ (Work Order) জাৰি কৰি কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
দুর্নীতিৰ বিৰুদ্ধে 'শূন্য সহনশীলতা'ৰ কথা কোৱা অসম চৰকাৰে যিসকলৰ বিৰুদ্ধে দুর্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, সেই একেই সমিতিক পুনৰ দায়িত্বত বহুৱাই দুর্নীতিক প্রশ্রয় দিয়া হৈছে বুলিয়েই প্রতীয়মান হৈছে।
সেয়ে আজি অনুষ্ঠিত সংবাদমেলত সদৌ তিৱা ছাত্র সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ তিৱা সুৰক্ষা সমিতিয়ে চৰকাৰৰ ওচৰত জোৰ দাবী জনাইছে যে, তিৱা স্বায়ত্ত পৰিষদত সংঘটিত সকলো দুর্নীতিৰ নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তিসকলক অতি শীঘ্ৰে আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগে।
অহা ৬ জুলাইত বৰ্তমানৰ সম্প্ৰসাৰিত কাৰ্যকালো সমাপ্ত হ'ব। সেয়ে চৰকাৰে আৰু কোনো পৰিস্থিতিত বৰ্তমানৰ সমিতিক পুনৰ সম্প্ৰসাৰণ নকৰি অতি শীঘ্ৰে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰি নতুন পৰিষদক দায়িত্ব অর্পণ কৰিব লাগে। অন্যথা সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী জাতীয় সংগঠনসমূহে সমগ্র মধ্য অসমত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।
উল্লেখ্য যে, সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী জাতীয় সংগঠনসমূহে প্রায় ডেৰ মাহ ধৰি মৰিগাঁও জিলাৰ সিন্ধিশৰ, ৰৌমাৰী-নলধৰা আৰু বিহীতা অঞ্চলত বসবাস কৰা তিৱাসকলৰ লগতে অন্যান্য ভূমিপুত্ৰ-খিলঞ্জীয়া জনগণক উচ্ছেদ কৰি ২,৭০০ বিঘা ভূমি অধিগ্রহণ কৰি বহিৰাগত বণিকগোষ্ঠীৰ স্বাৰ্থত উপগ্ৰহীয় চহৰ নিৰ্মাণৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্রিক সংগ্রাম অব্যাহত ৰাখিছে। এই গণআন্দোলনক দুৰ্বল কৰাৰ উদ্দেশ্যে একাংশ চৰকাৰঘেঁষা স্বার্থান্বেষী মহলে সদৌ তিৱা ছাত্ৰ সন্থাক বিভক্ত কৰাৰ অপচেষ্টা চলাইছে।
২৮ জুন ২০২৬ তাৰিখে মৰিগাঁও নগৰৰ পবিতৰা হাট প্রেক্ষাগৃহত তথাকথিতভাবে সদৌ তিৱা ছাত্ৰ সন্থাৰ তৃতীয় গোট গঠন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে। এই গোটৰ অধিকাংশ ব্যক্তিয়ে ৰাজনৈতিক দলৰ সক্রিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সন্থাৰ কোনো শাখা, আঞ্চলিক বা জিলা সমিতিৰ বৈধ সদস্য নোহোৱাকৈ মাত্র কেইজনমান ব্যক্তিয়ে জাতীয় অভিবর্তন অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰাটো সম্পূর্ণ অসাংবিধানিক, ভিত্তিহীন আৰু জাতিৰ স্বাৰ্থবিৰোধী।
জাতিৰ সংকটৰ সময়ত এইসকল ব্যক্তিক ৰাইজৰ পক্ষত থিয় দিয়া কেতিয়াও দেখা নগ'ল। পূর্বে সন্থাৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰা ব্যক্তিয়ে পুনৰ সভাপতিৰ পদ গ্ৰহণ কৰাটো সংগঠনৰ ইতিহাসত নজিৰবিহীন। একেদৰে, নিৰ্বাচনত পৰাজিত এজন ৰাজনৈতিক ব্যক্তিয়ে জাতীয় সংগঠনৰ উপদেষ্টা হোৱাটোও সংগঠনৰ নিৰপেক্ষতা আৰু মৰ্যাদাৰ পৰিপন্থী।
সেয়ে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ তিৱা সুৰক্ষা সমিতিয়ে সমগ্র তিৱা জাতি তথা সচেতন ৰাইজক এই অসাংবিধানিক, ভিত্তিহীন আৰু উদ্দেশ্যপ্রণোদিত অপচেষ্টাক দৃঢ়ভাবে প্রত্যাখ্যান কৰাৰ আহ্বান জনাইছে।
লগতে পঢ়কঃ কাৰ্বি পাহাৰৰ প্ৰায় ১৫ খন গাঁৱৰ ৰাইজৰ নাই বিশুদ্ধ খোৱাপানী,নাই পকী ঘৰ,নাই দলং,নাই পথ