নতুন দিল্লী: UPSC পৰীক্ষাত একে পৰিয়ালৰেই চাৰি ভাই ভনীয়ে স্থান লাভ কৰি দেশজুৰি লাভ কৰিছে চৰ্চা। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু দৃঢ় মনোবল থাকিলে সফলতাৰ কোনো বিকল্প নাই। সেই কথাকেই পুনৰ প্ৰমাণ কৰি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ এটা সাধাৰণ পৰিয়াল। এই পৰিয়ালৰ চাৰি ভাই-ভনীয়ে ক্ৰমে UPSC Civil Services Examinationত সফলতা অৰ্জন কৰি এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে। তাৰে তিনিজন IAS বিষয়া আৰু এজন IPS বিষয়া হিচাপে দেশসেৱাৰ দায়িত্ব লাভ কৰিছে।
জানিব পৰা মতে, প্ৰতাপগড়ৰ এই মিশ্ৰ পৰিয়ালৰ সন্তান যোগেশ মিশ্ৰ, মাধৱী মিশ্ৰ, লোকেশ মিশ্ৰ আৰু ক্ষমা মিশ্ৰ—চাৰিওজনে UPSCৰ দৰে দেশৰ অন্যতম কঠিন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।
চাৰিওজনৰ সফলতাৰ এই যাত্ৰা সহজ নাছিল। সীমিত সুযোগ-সুবিধাৰ মাজতো অধ্যৱসায়, নিয়মানুবৰ্তিতা আৰু পৰিয়ালৰ পাৰস্পৰিক সহযোগিতাৰ ফলতেই চাৰিও ভাই-ভনীয়ে নিজৰ লক্ষ্যত উপনীত হ'ব সক্ষম হয়। একেটা পৰিয়ালৰ চাৰি সন্তানৰ এনে অভূতপূৰ্ব সফলতাই সমাজত শিক্ষাৰ গুৰুত্ব আৰু কঠোৰ পৰিশ্ৰমৰ মূল্য পুনৰ এবাৰ উজ্জ্বল কৰি তুলিছে।
বিশেষকৈ, যোগেশ মিশ্ৰ, মাধৱী মিশ্ৰ আৰু লোকেশ মিশ্ৰে IAS বিষয়া হিচাপে আৰু ক্ষমা মিশ্ৰে IPS বিষয়া হিচাপে দেশসেৱাৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আছে। তেওঁলোকৰ এই কৃতিত্ব কেৱল পৰিয়ালটোৰ বাবেই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবেও এক গৌৰৱৰ বিষয়।
বৰ্তমান সামাজিক মাধ্যমতো মিশ্ৰ পৰিয়ালৰ এই সফলতাৰ কাহিনী ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। বহুতে এই পৰিয়ালক "প্ৰেৰণাৰ পৰিয়াল" বুলি অভিহিত কৰিছে। বহুতৰ মতে, UPSCৰ দৰে কঠিন পৰীক্ষাত একেজন উত্তীৰ্ণ হোৱাটোৱেই এক ডাঙৰ কৃতিত্ব, তাতো একেটা পৰিয়ালৰ চাৰি ভাই-ভনীয়ে সফলতা লাভ কৰাটো সঁচাকৈয়ে এক ঐতিহাসিক ঘটনা।
শিক্ষাবিদসকলেও মত প্ৰকাশ কৰিছে যে, এই সফলতাই নতুন প্ৰজন্মক সপোন দেখিবলৈ আৰু সেই সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিব। মিশ্ৰ পৰিয়ালৰ এই অনন্য কৃতিত্বে প্ৰমাণ কৰিছে যে সঠিক লক্ষ্য, আত্মবিশ্বাস আৰু অবিৰাম অধ্যৱসায় থাকিলে যিকোনো সপোন বাস্তৱত পৰিণত কৰিব পাৰি।