Assassination Attempt on Putin Ally Vladimir Alexeyev Shocks Moscowৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ সামৰিক বিষয়াক হত্যাৰ অপচেষ্টা

নিউজ ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ঘনিষ্ঠ এজন সামৰিক বিষয়াক অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যাৰ অপচেষ্টা চলায় (Vladimir Alexeyev assassination attempt)। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেক্সেয়েভক শুকুৰবাৰে পুৱা কোনো অজ্ঞাত আততায়ীয়ে গুলীবিদ্ধ কৰে। আততায়ী কেইজন পলাই যায়।

মস্কোৰ সামৰিক আৱাস এলেকাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আহত অৱস্থাত আলেক্সেয়েভক উদ্ধাৰ কৰি ওচৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন।

ঘটনা সম্পৰ্কত ৰাছিয়াৰ তদন্তকাৰী দলে তদন্ত আৰম্ভ কৰিছে। তেওঁলোকে চি চি টি ভিৰ ফুটেজো পৰীক্ষা কৰাৰ লগতে আলেক্সেয়েভকৰ চুবুৰীয়াকো সোধপোচ কৰিছে।

মস্কোৰ ভ’লোকোলামস্ক হাইৱেৰ ওচৰৰ এটা আৱাসিক ভবনত সংঘটিত এই গুলীচালনাৰ ঘটনাৰ আঁৰত কোন জড়িত, সেয়া এতিয়াও স্পষ্ট নহয়। অৱশ্যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে এই ঘটনাৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰিছে।

উল্লেখযোগ্য যে বিগত তিন বছৰতকৈও অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে একাধিকবাৰ এই যুদ্ধ বন্ধ কৰাৰ চেষ্টা চলালেও কোনো কার্যকৰী সমাধান এতিয়ালৈকে ওলোৱা নাই।

কঠোৰ নিৰাপত্তা ব্যৱস্থা ভেদ কৰি আক্ৰমণকাৰীয়ে কেনেকৈ আবাসৰ ভিতৰলৈ সোমাব পাৰিলে, সেয়া এতিয়াও স্পষ্ট নহয়।

কোনো এই লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেক্সেয়েভ ?

লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেক্সেয়েভ হৈছে ৰাছিয়াৰ এজন জ্যেষ্ঠ সামৰিক বিষয়া। তেওঁ ৰাছিয়াৰ প্ৰধান গুপ্তচৰ সংস্থা জিআৰইউ (Main Intelligence Directorate)-ৰ প্ৰথম উপ-মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আছে। এই সংস্থাটো ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সামৰিক গুপ্তচৰ বিভাগৰ শাখা।

ৰাছিয়াৰ সামৰিক কৌশলৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা বিশেষ ব্যক্তি সকলৰ অন্যতম হিচাপেও তেওঁ পৰিচিত । আলেক্সেয়েভে ২০১১ চনৰ পৰা এই গুৰুত্বপূৰ্ণ পদটোত কাৰ্যনিৰ্বাহ কৰি আহিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘই আলেক্সেয়েভৰ ওপৰত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰি থৈছে। তেওঁলোকৰ মতে আলেক্সয়েভ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলোৱা কিছুমান অভিযানত জড়িত আছিল। এই অভিযানসমূহৰ ভিতৰত চাইবাৰ আক্ৰমণ আৰু ৰাছিয়াৰ কৌশলগত লক্ষ্যৰ সৈতে জড়িত গোপন কাৰ্যকলাপ অন্তৰ্ভুক্ত আছিল।

পূৰ্বতেও নিহত হৈছিল কেইবাজনো সামৰিক বিষয়া

উল্লেখযোগ্য ৰাছিয়াত ইতিপূৰ্বে আন কেইবাজনো সামৰিক বিষয়া নিহত হৈছিল। এক মাহৰ পূৰ্বে ৰাছিয়াৰ আন এজন শীৰ্ষপদস্থ সামৰিক বিষয়াই—লেফটেনেণ্ট জেনেৰেল ফানিল ছাৰভাৰভ মস্কোত এক বোমা বিস্ফোৰণত নিহত হৈছিল। বিগত বৰ্ষৰ এপ্ৰিল মাহতো মস্কো অঞ্চলত সংঘটিত আন এটা গাড়ী-বোমা বিস্ফোৰণত লেফটেনেণ্ট জেনেৰেল ইয়াৰোছলাভ মোছকালিকো নিহত হৈছিল।

লগতে পঢ়কঃ ৰাছিয়াৰ তেলবাহী জাহাজ জব্দ কৰিবলৈ ট্ৰাম্পক ‘সহায়ক সমৰ্থন’ যুক্তৰাজ্যৰ


Advertisement